Gold : ১১৭ গ্রাম সোণ ‘চুৰ’ কৰিছিল এন্দুৰৰ দলে, নর্দমাৰ পৰা চোৰ ধৰিলে আৰক্ষীয়ে

1655366594 rat

পাঁচ লাখ টকাৰ সোণ ‘চুৰি’ কৰিছিল এন্দুৰৰ দলে । নর্দমাৰ পৰা চোৰ ধৰিলে আৰক্ষীয়ে ।

আৰক্ষী সূত্রে খবৰ, এগৰাকী মহিলাই বেংকত গহনা জমা দিবলৈ গৈছিল । এখন হাতত আছিল বৰা পাও, অন্য হাতত আছিল গহনাৰ বেগ । যোৱাৰ পথত কিছুসংখ্যক শিশুক বৰা পাও দিয়াৰ পৰিৱৰ্তে ভুলতে গহনাৰ বেগ দি দিয়ে । কিছু দূৰ আগবঢ়াৰ পাছত তেওঁৰ উপলব্ধি হয়, ডাঙৰ ভুল কৰি পেলাইছিল । তেতিয়াই দিশাহাৰা হৈ সেই শিশুকেইটিক বিচাৰিবলৈ যায় । কিন্তু সেই সময়লৈকে শিশুসকলে সেই স্থান এৰিছিল ।

আৰক্ষীয়ে জনাইছে, শিশুসকলে এই বেগটো নুখুলি আবৰ্জনাৰ বাকচত পেলাই দিয়ে আৰু তাৰ পৰা গুচি যায় । মহিলাগৰাকীয়ে তন্ন তন্নকৈ বিচাৰিও শিশুসকলক বিচাৰি নাপাই আৰক্ষীৰ দ্বাৰস্থ হয় । ইয়াৰ পাছতে আৰক্ষীয়ে এই অঞ্চলৰ চিচিটিভি ফুটেজ পৰ্যবেক্ষণ কৰি শিশুসকলক চিহ্নিত কৰাৰ চেষ্টা কৰে । চিচিটিভি ফু়টেজত দেখা যায়, মহিলাগৰাকীয়ে বেগটো শিশুসকলক দিয়াৰ পাছতেই সেইটো তেওঁলোকে আবৰ্জনাৰ বাকচত পেলাই দিছে ।

তেওঁলোকে আৰু দেখে যে, সেই বেগটো এদল এন্দুৰে মুখত লৈ গৈছে । সেই ফুটেজৰ জৰিয়তেই আবৰ্জনাৰ বাকচৰ কাষত নর্দমাৰ পৰা এই বেগ উদ্ধাৰ কৰে আৰক্ষীয়ে । তেতিয়াই ‘চোৰ’ ধৰা পৰে ।

Exit mobile version