Uttar Pradesh : ‘আমাক লক্ষ্য কৰি তেওঁলোকে আমেজ পায়’, বুলডোজাৰ নীতিৰ বিৰুদ্ধে সৰৱ জাভেদৰ কন্যা

1655392286 jcb 2

নিলম্বিত বিজেপি নেত্রী নূপুৰ শর্মাৰ ‘বিতর্কিত’ মন্তব্যৰ ফলত সম্প্রতি উত্তৰ প্রদেশৰ প্রয়াগৰাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাত মূল অভিযুক্ত জাভেদ আহমেদৰ বাসগৃহ বুলডোজাৰ চলাই ভাঙি দিয়া হৈছে । এই সন্দৰ্ভত এইবাৰ সৰৱ হ’ল জাভেদ-কন্যা তথা ছাত্র নেত্রী আফ্রিন ফতিমা । যোগী প্রশাসনৰ বুলডোজাৰ-নীতিৰ বিৰুদ্ধে কয়, ‘‘সকলো সময়ত মুছলিমসকলকেই লক্ষ্য কৰা হৈছে । মুছলিমসকলৰ বিৰুদ্ধে অমানৱিক পদক্ষেপ গ্ৰহণ কৰি আমেজ পায় তেওঁলোকে । কিন্তু তেওঁলোকক এই আনন্দ পাব নিদিও আমি । যিয়ে নকৰক কিয়, আমি চকু পানী নেপেলাওঁ ।’’

যোৱা ১২ জুনত ভাঙি দিয়া হয় ‘ৱেলফেয়াৰ পার্টি অৱ ইণ্ডিয়া’ৰ নেতা জাভেদৰ বাসগৃহ । প্রশাসনৰ তলফৰ পৰা বেআইনী নির্মাণৰ কাৰণ দৰ্শোৱা হয় যদিও ৰাজনৈতিক পর্যবেক্ষকসকলৰ দাবী, নূপুৰৰ মন্তব্যৰ বিৰুদ্ধে পথত নামি বিক্ষোভ কৰাৰ বাবে জাভেদৰ বাসগৃহত বুলডোজাৰ চলোৱা হৈছে ।

এই প্রসংগত ফতিমাই কয়, ‘‘মোৰ সৰু ভণ্টি এই ঘৰতেই জন্মিছিল । তাইৰ জন্মৰ সময়ত নিৰ্মাণ কৰা হৈছিল ঘৰতো । আমাৰ বহু স্মৃতি জড়িত হৈ আছে ঘৰটোৰ স’তে ।’’

ফতিমাৰ মাতৃয়ে গছ ভাল পায় । ঘৰৰ নানা ঠাইত বিভিন্ন গছ ৰুই থোৱা আছিল । বুলডোজাৰ চলাই দিয়াত সেই সকলোখিনি তছনছ হৈ গৈছে বুলি জনালে জাভেদৰ কন্যাই । তেওঁ কয়, ‘‘ঘৰত অন্তত পাঁচশটা টাব আছিল । সকলো নষ্ট হৈ গৈছে । ম‌ই বিচাৰো যে এই গছবোৰে তেওঁলোকক অভিশাপ দিয়ক । তাতেই ম‌ই শান্তি পাম ।’’

সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত ফতিমাই আৰু কয়, ‘‘কোনো কাৰণ নোহোৱাকৈ মুছলিমসকলক লক্ষ্য কৰা হৈছে । মুছলিমসকলে একো কৰিব‌ই নালাগে । ম‌ই নিশ্চিত, কোনো বিক্ষোভ নহ’লেও দেউতাৰ ওপৰতে দোষ জাপি দিয়া হ’ল হয় ।’’

Exit mobile version