তামিলনাডুৰ বীৰুধুনগৰত আবর্জনাৰ পৰা প্ৰস্তুত হৈছে সম্পদ

Garbage Bank 2

আবৰ্জনা সন্দৰ্ভত জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰিবলৈ তামিলনাডুৰ বীৰুধুনগৰৰ এদল মানুহে গঢ়ি তুলিছে ‘গাৰবেজ বেংক’ । অঞ্চলৰ বিভিন্ন ঘৰত গৈ তেওঁলোকে আবৰ্জনা সংগ্রহ কৰে আৰু চাফ-চিকুণ কৰাৰ পাছত পুনর্ব্যৱহাৰযোগ্য কৰি তোলে । ‘গাৰবেজ বেংক’ৰ আহ্বায়ক আৰু ৰাজাবল্লীয়ে জনায়, “সাধাৰণ লোক শুকান আৰু ভিজা আবর্জনা মিহলি কৰাতেই অভ্যস্ত । আমাৰ লক্ষ্য মানুহক এই বিষয়ত সচেতন কৰা । আবৰ্জনা পেলাই দিলে বা জ্বলাই দিলে প্ৰদূষণ বাঢ়ে, কিন্তু সেয়া সঠিক উপায়েৰে পুনর্ব্যৱহাৰ কৰাই আমাৰ মূল লক্ষ্য” ।

দুটা পৰিয়ালৰ সক্রিয় সহযোগিতাত আৰম্ভ হৈছিল এই কাৰ্য । সম্প্ৰতি বীৰুধুনগৰৰ ছশটা পৰিয়ালে নিজৰ ঘৰৰ বর্জ্য ৰাজাবল্লীৰ ‘গাৰবেজ বেংক’-ত জমা দি যায় ।

Exit mobile version