তুলসীবিলৰ ফুলকুমাৰি গাঁৱত পানীত পৰি যুৱক সন্ধানহীন

WhatsApp Image 2022 06 17 at 6.49.33 PM

গোসাইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত এক নম্বৰ ফুলকুমাৰি গাঁৱত কালি সন্ধিয়া দলঙৰ পৰা টিপকাই নদীত পৰি এগৰাকী যুৱক সন্ধানহীন হৈ আছে ৷ যুৱকজন কোকৰাঝাৰ জিলাৰ টিপকাই আৰক্ষী চকীৰ অন্তৰ্গত মংলাঝোৰাৰ আক্সিঝোৰা গাঁৱৰ নিবাসী সুনিৰাম হাছদা(২৭) বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত বাতৰি অনুসৰি, যুৱকজনে আন এগৰাকী সতিৰ্থৰ স’তে মংলাঝোৰাৰ পৰা ভোগঝোৰা গাঁৱলৈ আহোঁতে ফুলকুমাৰি গাঁৱত জৰাজিৰ্ণ দলঙৰ পৰা পৰি সন্ধানহীন হৈ পৰে ৷ খবৰ পাই তুলসীবিল আৰক্ষী চকীৰ এটি দলে এছ ডি আৰ এফৰ সহায়ত নিশা প্ৰায় ১২ বজালৈ সন্ধান চলায় যদিও কোনো শুংসূত্ৰ পোৱা নাই ৷ আজি পুৱাৰ পৰা এছ ডি আৰ এফৰ দলে তালাচী অভিযান চলাইছে যদিও কোনো শুংসূত্ৰ পোৱা নাই বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা দলংখন মাৰণফান্দত পৰিণত হৈ আছে যদিও চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে বুলি গাঁওৱাসীয়ে অভিযোগ উত্থাপন কৰিছে ৷

Exit mobile version