Rahul Gandhi : তিনি দিনত ৩০ ঘণ্টা সোধ-পোচ, ইডিৰ কেনেকুৱা ধৰণৰ প্রশ্নৰ সন্মুখীন হৈছিল ৰাহুল গান্ধী ?

rahul gandhi 5

তিনি দিন, ৩০ ঘণ্টা ! একাধিক প্রশ্ন ।

নেছনেল হেৰাল্ড সংক্রান্ত ধন আত্মসাতৰ গোচৰত কংগ্রেছ সাংসদ ৰাহুল গান্ধীক সোধ-পোচ কৰিছে এনফ’ৰ্চমেন্ট ডায়ৰেক্টৰেটে (ইডি) ।

তিনি দিন ধৰি ৰাহুলক কেনেকুৱা ধৰণৰ প্রশ্ন কৰিছিল ইডিৰ বিষয়াই ?

ৰাহুলক প্রশ্ন কৰা হৈছিল, ইয়ং ইণ্ডিয়ান প্রাইভেট লিমিটেডৰ কাম কি ? ৰাহুলে জনায় যে, এইটো এটা অলাভজনক সংস্থা ।

ইডি : সংস্থাটোৰ আর্থিক লেনদেন সম্পর্কে কি জানে ?

ৰাহুলে জনায়, সংস্থাৰ পৰা এটা পইচাও লোৱা হোৱা নাই । অপব্যৱহাৰো কৰা নহয় ।

ইডি : এই সংস্থা যদি অলাভজনকেই হয়, তেনেহ’লে ২০১০ত সংস্থাৰ জন্মৰ পৰা এই পর্যন্ত কোনো উল্লেখযোগ্য সমাজসেৱামূলক কামৰ খতিয়ান নাই কিয় ?

ইয়াৰ পাছতেই ৰাহুলক কোৱা হয়, ইয়ং ইণ্ডিয়ানে যদি কোনো সমাজসেৱামূলক কাম কৰে তেনেহ’লে তাৰ নথি আৰু প্রমাণ দিয়ক ।

ইডি : এছ’চিয়েটেড জার্নলছ লিমিটেড (এজেএল) আৰু ইয়ং ইণ্ডিয়ান-ৰ মাজত আর্থিক লেনদেন সম্পর্কে কিবা জানেনে ?

সূত্রৰ খবৰ, এই প্রসংগত ৰাহুলে তদন্তকাৰী সংস্থাক জনাইছে যে, মোতিলাল ভোৰা এজেএল আৰু ইয়ং ইণ্ডিয়ান-ৰ অথৰাইজড ছিগনেটৰি আছিল ।

এজেএল-ৰ আর্থিক লেনদেন সম্পর্কে কিবা জানেনে ?

ৰাহুলে ইডিক জনায়, এজেএলৰ আর্থিক লেনদেনৰ বিষয়টো তেওঁৰ হাতত নাছিল । সোধ-পোচৰ সময়ত এজেএল আৰু ইয়ং ইণ্ডিয়ান সংক্রান্ত বহু নথি ইডিক দেখুৱায় ৰাহুলে ।

Exit mobile version