ভাওৰাগুৰী গোসাঁইগাঁও গড়কাপ্তানী পথৰ খহি যোৱা অংশ মেৰামতি

WhatsApp Image 2022 06 18 at 6.12.16 PM

গোসাঁইগাঁও মহকুমাৰ তথা ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাওৰাগুৰী গোসাঁইগাঁও গড়কাপ্তানী পথছোৱাৰ মৰা জয়মা বিলৰ ওপৰত থকা দলঙৰ কাষৰ পথছোৱা যোৱা কেইদিনমাৰ পৰা নেৰানেপেৰা বৰষুণৰ বাঢ়নী পানীয়ে অৰ্ধ অংশ খহাই নিয়ে ।

উক্ত খবৰ লাভ কৰি স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে আজি দলীয় কৰ্মকৰ্তাৰ হতুৱাই আৰু বিভাগীয় বিষয়বৱীয়া কৰ্মচাৰীৰ সহযোগত ৰাইজৰ যাতায়ত যাতে ব্যাহত নহয় আৰু পথছোৱা ৰক্ষা কৰিবৰ বাবে তাৎক্ষণিকভাৱে বাঁহ আৰু বস্তাৰে বান্ধৰ ব্যৱস্থা কৰি পথছোৱা ধ্বংসৰ কৱলৰ পৰা ৰক্ষা কৰে ।

বিধায়কগৰাকীৰ এনে তাৎক্ষণিক পদক্ষেপক স্থানীয় ৰাইজে শলাগ লোৱাৰ লগতে বিটিআৰ চৰকাৰৰ কোনো এজন নেতাই সমস্যাটোৰ প্ৰতি আগৱাঢ়ি নহাত দুখ প্ৰকাশ কৰে ।

Exit mobile version