Afghanistan : কাবুলৰ গুৰুদ্বাৰত বিস্ফোৰণ, গুলীত আহত এক, আক্ৰমণৰ নেপথ্যত আইএছ খোৰাছান ?

18kabul

শনিবাৰে পুৱা কাবুলৰ গুৰুদ্বাৰৰ কাষত হঠাৎ দুটা বিস্ফোৰণ ঘটে । লগতে গুৰুদ্বাৰৰ ভিতৰত স্বয়ংক্রিয় আগ্নেয়াস্ত্রৰ গুলীৰ শব্দ শুনিবলৈ পোৱা যায় । প্রাথমিকভাৱে ঘটনাটো সন্ত্ৰাসবাদী আক্ৰমণ বুলি সন্দেহ কৰে তালিবান চৰকাৰৰ আৰক্ষীয়ে । ঘটনাৰ কথা জনাৰ পাছতেই উদ্বেগ প্রকাশ কৰিছে ভাৰত চৰকাৰে ।

বিগত বৰ্ষৰ আগষ্টত তালিবানৰ কাবুল দখলৰ পাছত সেই চহৰৰ বাসিন্দা শতাধিক শিখ আৰু হিন্দু ভাৰতত গুচি আহে । তাৰ আগতে তেওঁলোকৰ সাময়িক আশ্রয়স্থল আছিল কার্তে পাৰৱান অঞ্চলৰ এই দশমেশ ছাহিবজি গুৰুদ্বাৰ । স্থানীয় সূত্রে খবৰ, বর্তমান ১৬ জন শিখ এই গুৰুদ্বাৰ আছিল । বিগত অক্টোবৰত এই গুৰুদ্বাৰত গৈ হুমকি দিয়াৰ অভিযোগ উঠিছিল স্থানীয় এক তালিবান কমাণ্ডাৰ আৰু তেওঁৰ বাহিনীৰ বিৰুদ্ধে । প্রসংগত, যোৱা ১১ জুনত ধাৰাবাহিক বিস্ফোৰণ ঘটিছিল কাবুলত ।

গুৰুদ্বাৰ আক্ৰমণত পশ্চিম এছিয়াৰ সন্ত্ৰাসবাদী সংগঠন আইএছ-ৰ আফগান শাখা ‘ইছলামিক ষ্টেট খোৰাছান’ (আইএছকে) জড়িত হৈ আছে বুলি তালিবান নিয়ন্ত্রিত কাবুল আৰক্ষীৰ প্রাথমিক ধাৰণা । অৱশ্যে তালিবানৰ একাংশও ইয়াত জড়িত হৈ আছে বুলি সন্দেহ কৰা হৈছে । কিছু মাহ পূর্বে আফগানিস্তানৰ পাকতিয়া প্রদেশৰ চমকানিৰ গুৰুদ্বাৰত গৈ জোৰ কৰি ‘নিছান ছাহিব’ নমাই দিছিল স্থানীয় কিছু তালিবান সন্ত্ৰাসবাদীয়ে । নতুন দিল্লীৰ প্রতিবাদৰ ফলত পুনৰ তালিবান শীর্ষনেতৃত্বৰ হস্তক্ষেপত ‘নিছান ছাহিব’ উভতাই পায় গুৰু নানকৰ স্মৃতি বিজড়িত এই গুৰুদ্বাৰে ।

Exit mobile version