Agnipath Scheme : অগ্নিপথ-ৰ প্ৰভাৱ পৰিল উচ্চতম ন্যায়ালয়ত, প্রকল্প পৰ্যবেক্ষণ কৰাৰ আবেদন জনাই গোচৰ ৰুজু

del

অগ্নিপথ প্রকল্পৰ প্ৰভাৱ এইবাৰ পৰিল উচ্চতম ন্যায়ালয়ত । এই প্রকল্প পৰ্যবেক্ষণ কৰিবৰ বাবে শীর্ষ আদালতত গোচৰ ৰুজু কৰিলে দিল্লীৰ এজন অধিবক্তাই । অগ্নিপথক লৈ দেশজুৰি যি হিংসাত্মক প্রতিবাদ হৈছে আৰু তাৰ ফলচ চৰকাৰী সম্পত্তিৰ কিমান ক্ষতি হৈছে সেয়া পৰ্যবেক্ষণ কৰিবলৈ বিশেষ তদন্তকাৰী দল (ছিট) গঠন কৰাৰ আবেদন জনোৱা হৈছে । লগতে, এই প্রকল্প পৰ্যবেক্ষণ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশৰ নেতৃত্বত এটা বিশেষজ্ঞ দল গঠন কৰাৰ আবেদন জনাইছে গোচৰকাৰীয়ে ।

বিগত কিছু দিন ধৰি কেন্দ্রৰ অগ্নিপথ প্রকল্প শক লৈ উত্তাল সমগ্ৰ দেশ । ইতিমধ্যে দেশৰ ১৩খন ৰাজ্যত এই প্রকল্পৰ বিৰোধিতাত ৰেল, পথ অৱৰোধ, লণ্ডভণ্ড আৰু অগ্নি সংযোগ কৰাৰ দৰে ঘটনা ঘটিছে । অগ্নিপথ প্রকল্প বাতিল কৰাৰ দাবীত সৰৱ হৈছে দেশৰ তৰুণ প্রজন্ম ।

দেশজুৰি অগ্নিপথ প্রকল্পক লৈ বিক্ষোভৰ প্ৰভাৱ পৰাতেই কেন্দ্র‌ই এই প্রকল্পত অগ্নিবীৰসকলৰ বয়ঃসীমাতো ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে । কিন্তু ইয়াৰ পাছতো বিক্ষোভ নকমাত শনিবাৰে এই প্রকল্পৰ নিয়ম আৰু শিথিল কৰিলে কেন্দ্র‌ই ।

অগ্নিবীৰসকলৰ বাবে আৰু ১০ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে । কেন্দ্রীয় বাহিনী আৰু অসম ৰাইফেলছত ১০ শতাংশ সংৰক্ষণৰ কথা ঘোষণা কৰিছে মন্ত্রণালয়ে । লগতে বয়সৰ ঊর্ধ্বসীমাও আৰু পাঁচ বছৰ বঢ়োৱা হৈছে বুলি ঘোষণা কৰিছে কেন্দ্র‌ই ।

প্রথমে ২১ বছৰ, পাছত আন্দোলনৰ পৰিপ্রেক্ষিতত ২৩, এইবাৰ নিয়োগৰ ঊর্ধ্বসীমাও বঢ়াইছে কেন্দ্র‌ই । অৱশ্যে এইটো কেৱল প্রথম বেচৰ অগ্নিবীৰসকলৰ বাবে । ইয়াৰ উপৰি, অগ্নিবীৰসকলে অৱসৰৰ পাছত কেন্দ্রীয় সশস্ত্র বাহিনী আৰু অসম ৰাইফেলছত ১০ শতাংশ সংৰক্ষণ পাব বুলি জনাইছে কেন্দ্র‌ই ।

Exit mobile version