দিনে-নিশাই এবুকু পানীত বানাক্ৰান্ত লোকক সাহাৰ্য-উদ্ধাৰত মঙলদৈৰ এজন যুৱক

সামাজিক মাধ্যমকে ধৰি দৰঙত ব্যাপক চৰ্চা

WhatsApp Image 2022 06 20 at 7.54.04 PM

যোৱা কে’বাদিনো ধৰি মুষলধাৰ বৰষুণৰ ফলত মঙলদৈ পৌৰসভাৰ প্রায় আটাইকেইটা ৱাৰ্ডেই বানত বুৰ যোৱাত নিজ নিজ গৃহতে জলবন্দী হৈ থকা বহুলোকক এছ ডি আৰ এফ বাহিনীৰ লগ লাগি এবুকু পানী পৰ্যন্ত নামি মঙলদৈৰ এগৰাকী যুৱকে বানাক্ৰান্তক উদ্ধাৰ আৰু সাহাৰ্য কৰা কাৰ্যই সামাজিক মাধ্যমৰ লগতে মঙলদৈত এতিয়া সৰ্বত্রে চৰ্চা লাভ কৰিছে ।

বিশেষকৈ মঙলদৈ নৈপৰীয়া স্নেহলতা সূত্রধৰ নামৰ এগৰাকী ৯৫ বছৰীয়া বৃদ্ধাক এবুকু পানীত জলবন্দী হৈ থকা অৱস্থাত যুৱকজনে ডাংকোলাকৈ দাঙি আনি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ দৰে এনে বহু বিপদগ্ৰস্ত বানাক্ৰান্তৰ উদ্ধাৰ কাৰ্যত তেওঁ দিনে-নিশাই নিজকে নিয়োজিত কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে । কোনো ধৰণৰ প্রশিক্ষণ নোলোৱাকৈ মঙলদৈৰ যুৱ ব্যৱসায়ী মিজান নুৰ ৰহমানে প্রতিটো ৱাৰ্ডতেই প্রতিদিনে কৰা এই উদ্ধাৰ আৰু সাহাৰ্য‌ এতিয়া সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে ।

নিজৰ অসুখীয়া দেহা সত্ত্বেও ৩৫ বছৰীয়া এই যুৱকজনৰ আৰ্তজনক সেৱা কৰাৰ এনে সাহস আৰু মনোবল দেখি এতিয়া জলবন্দী হৈ থকা সকলোৱে উক্ত যুৱকজনৰ লগতহে যোগাযোগ কৰা পৰিলক্ষিত হৈছে । বাতৰি লিখা পৰ্যন্ত যুৱকজনে বানপীড়িত অঞ্চলসমূহত গৈ খোৱাপানীকে ধৰি কেতবোৰ খাদ্য সামগ্রী বিতৰণ কৰি আছে । আৰ্তজনক সেৱা কৰাৰ তেওঁৰ এনে অদম্য মনোবল আৰু স্পৃহা নিসন্দেহে প্ৰশংসনীয় বুলি সচেতন লোকসকলে মত প্ৰকাশ কৰিছে ।

Exit mobile version