বাগসাৰ বাৰাপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা

তিনি আৰোহীসহ নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত সোমাল বেলেন' বাহন, সৌভাগ্যক্ৰমে ৰক্ষা তিনি আৰোহীৰ

WhatsApp Image 2022 06 20 at 7.44.34 PM

বাগসাৰ শালবাৰীৰ খাৰিজা বিজনীৰ বাৰাপেটা নেপালীবস্তীত আজি আবেলি পাঁচ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাই যায় AS01 DZ 3002 নম্বৰৰ এখন বেলেন’ বাহন ৷

বাগসাৰ চুক্ৰুংবাৰীৰ পৰা বৰপেটাৰোড অভিমুখে গৈ আছিল বাহনখন ৷ তেনে সময়তেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা দ খাৱৈত সোমাই যায় বাহনখন ৷ তাৰ পাছতেই খাৱৈটোত প্ৰায় সম্পূৰ্ণৰূপে ডুব যায় বাহনখন ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাহনখনত থকা তিনি আৰোহী ৷

স্থানীয় লাৱদাংগুৰী আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয় বাহনখন ৷ এখন JCB বাহনেৰে টানি দ খাৱৈৰ পৰা উদ্ধাৰ কৰা বাহনখন লাৱদাংগুৰী আৰক্ষী চকীলৈ লৈ যায় আৰক্ষীয়ে ৷

Exit mobile version