Parwanoo Ropeway : দেওঘৰৰ পাছত এইবাৰ হিমাচল, মাজআকাশত ৰোপৱেত আবদ্ধ সাতজন যাত্রী

Ropeway stranded

দেওঘৰৰ পাছত এইবাৰ হিমাচলৰ ছোলানত ৰোপৱেত বিভ্রাট । ছোলানত মাজআকাশত ৰোপৱেত আবদ্ধ হৈ পৰিল সাতজন যাত্রী । প্রায় দুঘণ্টা ধৰি ৰোপৱেত আবদ্ধ হৈ পৰিছে পর্যটকসকলে । তেওঁলোকক হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হৈছে ।

সোমবাৰে ছোলানৰ পাৰৱানৰ টিম্বাৰ ট্রেল ৰোপৱেত আবদ্ধ হৈ পৰে সাতজন যাত্রী । সূত্রৰ খবৰ, লগে লগে ঘটনাস্থলত হেলিকপ্টাৰ প্ৰেৰণ কৰি উদ্ধাৰকাৰ্য আৰম্ভ কৰা হয় । যিসকল ৰোপৱেৰ ট্রলিত আবদ্ধ হৈ পৰিছিল, তেওঁলোকৰ ভিতৰত অধিকাংশই আছিল মহিলা । তেওঁলোককেই আগতে উদ্ধাৰ কৰা হয় । এই পর্যন্ত চাৰিজনক আবদ্ধ হৈ পৰা ৰোপৱেৰ ট্রলিৰ পৰা উদ্ধাৰ কৰা সম্ভৱ হৈছে । সূত্রৰ দাবী, যান্ত্রিক ত্রুটিৰ বাবে মাজপথত আবদ্ধ হৈ পৰে ৰোপৱেৰ ট্রলিটো ।

অৱশ্যে টিম্বাৰ ট্রেলৰ ৰোপৱেটো যিখিনি ঠাইত আবদ্ধ হৈছে, সেই ঠাইডোখৰ সমতলৰ পৰা খুব বেছি উখ নহয় । সেয়ে, ট্রলিত আবদ্ধ হৈ থকা পর্যটকসকলৰ উদ্ধাৰত অধিক সমস্যা হোৱা নাই বুলি জনাইছে । ছোলানৰ আৰক্ষী ছুপাৰে সংবাদ সংস্থা এএনআই-ক জনায়, ঘটনাস্থলৰ পৰা সমগ্ৰ পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখিছে টিম্বাৰ ট্রেলৰ বিষয়া আৰু আৰক্ষীয়ে । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগো ঘটনাস্থলত উপস্থিত হৈছে বলে জনাইছে মহকুমাশাসক ধনবীৰ ঠাকুৰে ।

প্রসংগত, এই টিম্বাৰ ট্রেল ৰোপৱেতেই ১৯৯২ৰ এটা দুর্ঘটনাত ১১ জন যাত্রী আবদ্ধ হৈ পৰিছিল । তেওঁলোকৰ ভিতৰত ১০ জনক উদ্ধাৰ কৰা সম্ভৱ হয় যদিও মৃত্যু হৈছিল এজনৰ । বিগত এপ্রিলতো দেওঘৰৰ ত্রিকূট পাহাৰত ৰোপৱে দুর্ঘটনাত তিনিজন পর্যটকৰ মৃত্যু হয় ।

Exit mobile version