Sri Lanka : পেট্রল শেষ হ‌ওঁতেই শিলাবৃষ্টি শ্রীলংকাত

1655691588 sri lanka

বিদেশী মুদ্রাৰ ভাণ্ডাৰ কার্যত সমাপ্ত হৈছে । আর্থিকভাৱে বিপর্যস্ত শ্রীলংকাত ইন্ধন সংকট চৰমত । ইয়াৰ ফলত প্ৰত্যেক দিনে দেশৰ নানা প্রান্তত বিক্ষোভ প্ৰদৰ্শন কৰিছে নাগৰিকসকলে । অৱশ্যে কালি নিশা যি পৰিস্থিতিৰ সৃষ্টি হ’ল, সেয়া কার্যত নজিৰবিহীন ! এটা পাম্পত ইন্ধন (পেট্রল, ডিজেল) সংগ্রহৰ বাবে ভিৰ কৰিছিল বহু নাগৰিকে । কিন্তু পেট্রল শেষ হৈ যোৱাত ক্ষোভিত হৈ পৰে একাংশ । এনে পৰিস্থিতিৰ সৃষ্টি হয় যে, গুলী চলাবলৈ বাধ্য হয় শ্রীলংকাৰ সেনা ।

কলম্বোৰ পৰা উত্তৰে ৩৬৫ কিলোমিটাৰ দূৰত বিসুভামাডু অঞ্চলৰ ঘটনা । কালি নিশাৰ পৰাই ইন্ধন সংগ্রহৰ বাবে দীঘলীয়া শাৰী হৈছিল । সেনাৰ মুখপাত্র নিলান্ত প্রেমৰত্নে জনাইছে, তাত হঠাৎ উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ২০-৩০ জনৰ এটা দলে শিল দলিওৱা আৰম্ভ কৰে । সেনাৰ এটা ট্রাক ক্ষতিগ্রস্ত হয় । পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ গুলী চলাবলৈ বাধ্য হয় সেনা ।

আৰক্ষী সূত্রে খবৰ, সেনাৰ তৰফৰ পৰা গুলী চলোৱাৰ পাছতেই ছত্রভংগ হৈ যায় বিক্ষোভকাৰীসকল । অৱশ্যে এই ঘটনাত চাৰিজন সাধাৰণ নাগৰিক আৰু তিনিজন সেনা আহত হৈছে ।

আৰক্ষীয়ে জনাইছে, এই পাম্পটোত পেট্রল শেষ হৈ গৈছিল । তাৰ পাছতেই মোটৰ চাইকেলৰ আৰোহীসকলে প্রতিবাদ আৰম্ভ কৰে । তাৰ পৰাই পৰিস্থিতিয়ে অগ্নিগর্ভ ৰূপ লয় । বিক্ষোভকাৰীসকলে শিল দলিওৱা আৰম্ভ কৰে ।

প্রসংগত, শ্রীলংকাৰ আর্থিক সংকট ইমানেই শোচনীয় যে, বিদেশৰ পৰা প্রয়োজনীয় ইন্ধন আমদানি কৰিবলৈ অপাৰগ প্রশাসন । ঔষধ, খাদ্যৰ নাটনিও অব্যাহত । এনে পৰিস্থিতিত ভাৰত আৰু কিছু দেশে সাহায্যৰ হাত আগবঢ়ালেও প্রয়োজনৰ তুলনাত সেয়া সামান্য । বিগত কালৰ ঘটনাই পুনৰ সেই ইংগিত দিলে ।

Exit mobile version