COVID-19 : ক’ভিড সংক্রমণৰ হাৰ হ্ৰাস ২২.৪ শতাংশ, দৈনিক আক্রান্ত ১০ হেজাৰৰ তলত

india aims to double capacity for making indigenised covid 19 testing kits

বিগত কিছু দিন ধৰি কৰ’না ভাইৰাছৰ দপ্‌দপনিৰ পাছত মঙলবাৰে দেশত কিছু হ্ৰাস পালে ক’ভিড সংক্রমণ । কে’বা দিনৰ পাছত দেশত দৈনিক কৰ’না আক্রান্তৰ সংখ্যা ১০ হেজাৰৰ তলত নামিল । বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ সংক্রমিত হৈছে ন হেজাৰ ৯২৩ জন । সোমবাৰে এই সংখ্যা আছিল ১২ হেজাৰ ৭৮১ । কালিতকৈ সংক্রমণৰ হাৰ ২২.৪ শতাংশ কমিছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, এদিনত দেশত নতুনকৈ কৰ’নাত মৃত্যু হৈছে ১৭ জনৰ । মুঠ মৃত্যুৰ সংখ্যা পাঁচ লাখ ২৪ হেজাৰ ৮৯০ । সম্প্ৰতি ভাৰতত মুঠ সক্রিয় কৰ’না আক্রান্তৰ সংখ্যা ৭৯ হেজাৰ ৩১৩ । বিগত ২৪ ঘণ্টাৰ ক’ভিডমুক্ত হৈছে সাত হেজাৰ ২৯৩ জন । দেশত সুস্থতাৰ হাৰ ৯৮.৬১ শতাংশ ।

দেশৰ ভিতৰতে পাঁচ ৰাজ্যত সংক্রমণে চিন্তা বঢ়াইছে । কেৰালাত নতুনকৈ সংক্রমিত হৈছে দুহেজাৰ ৭৮৬ জন । ইয়াৰ পাছত আছে মহাৰাষ্ট্র । তাত আক্রান্তৰ সংখ্যা দুহেজাৰ ৩৫৪ । দিল্লীত এদিনত আক্রান্ত এহেজাৰ ৬০ জন। তামিলনাডুত সংক্রমিত ৬৮৬ জন । হাৰিয়ানাত সংক্রমিতৰ সংখ্যা ৬৮৪ ।

Exit mobile version