Russia Ukraine War : কল্পনাতীত বিধ্বংসী আক্ৰমণ চলাব পাৰে ৰাছিয়াই, শংকা জেলেনস্কিৰ

1646215925 volodymyr zelenskyy

ইউৰোপৰ শক্তিশালী দেশসমূহ তেওঁলোকৰ সমর্থনত । জার্মানী, ইটালী, ব্রিটেইন, ফ্রান্স, সকলোৱে জনাইছে, তেওঁলোকে শীঘ্ৰে ইউক্রেইনে ইউৰোপীয় ইউনিয়ন (ইইউ)-ত যোগ দিয়াৰ অনুমতি পোৱাটো বিচাৰে । মাত্র কেইটামান দিন, চূড়ান্ত সিদ্ধান্তৰ অপেক্ষা । এনে পৰিস্থিতিত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিৰ শংকা, বিধ্বংসী আক্ৰমণ চলাব পাৰে ৰাছিয়াই, যি হয়তো কল্পনাতীত ।

যুদ্ধৰ আৰম্ভণিৰ পৰাই মস্কোৱে সকীয়নি দিছে, যি দেশে কিয়েভক সমৰ্থন কৰিব, তেওঁলোকে চৰম মূল্য দিব লাগিব । আৰম্ভণিতে ইইউ-ৱে জনাইছিল, এতিয়াই ইউক্রেইনক গোষ্ঠীভুক্ত কৰা উচিত নহ’ব । ইইউ-ৰ একাধিক দেশে কার্যত বিৰোধিতা কৰিছিল । কিন্তু ইউক্রেইনত ৰুছে ধ্বংসলীলা যিমান বঢ়াইছে, সিমানে ইউৰোপৰ একাধিক বৃহৎ শক্তিয়ে তেওঁলোকক সমৰ্থন কৰিছে ।

ফ্রান্সে এসময়ত কৈছিল, আগন্তুক এক দশকত ইউক্রেইনৰ ইইউ-অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা নাই । সেই দেশৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাকৰনে সম্প্রতি কিয়েভৰ পৰা জনাইছে, অতি শীঘ্ৰে ইইউ-ত স্থান দিয়া হ‌ওক ইউক্রেইনক । সকলোৰে সমর্থনত আপ্লুত জেলেনস্কি । কিন্তু লগতে আতংকিত‌ও । সংবাদিক বৈঠকত তেওঁ কয়, ‘‘এসপ্তাহত ইউক্রেইনৰ বাবে কিবা ভাল হ’ব পাৰে । সমগ্র ইউৰোপৰ স্বার্থত একমাত্র এটা সদর্থক সিদ্ধান্ত ।’’ লগতে তেওঁ কয়, ‘‘ম‌ই নিশ্চিত, আৰু সেইটোৱে হয়তো স্বাভাৱিক, ৰাছিয়াই আক্ৰমণৰ গতি আৰু বঢ়াব এই সপ্তাহত… আমিও প্ৰস্তুত হৈছো ।’’

নেটো-ৰ প্রধান জেন্স ষ্টোলেনবার্গে সতর্ক কৰিছে, ৰাছিয়া-ইউক্রেইন যুদ্ধ বছৰৰ পাছত বছৰ ধৰি চলিব পাৰে । এক জার্মান দৈনিকক তেওঁ কয়, ‘‘ইউক্রেইনৰ সমর্থন বন্ধ কৰিব নোৱাৰি । লাগিলে তাৰ বাবে যিমানেই মূল্য দিবলগীয়া নহ‌ওক কিয় । কেৱল সামৰিক সাহায্য‌ই নহয়, আৰু বহু ।’’

কৃষ্ণসাগৰৰ পাৰত অৱস্থিত চহৰ মিকোলিভত জেলেনস্কি সেনাবাহিনীৰ স’তে দেখা কৰে । সামাজিক মাধ্যমত প’ষ্ট কৰি তেওঁ কয়, ‘‘দেশৰ দক্ষিণাংশ আমি কাকো নিদিওঁ । যি যি আমাৰ পৰা কাঢ়ি লোৱা হৈছে, সেয়াও ঘূৰাই ল’ম । সমুদ্র ইউক্রেইনৰেই থাকিব । নিৰাপদ থাকিব ।’’

Exit mobile version