Earthquake : আফগানিস্তানত ভূমিকম্পত মৃত প্ৰায় ২৫৫, আহত একাধিক, কঁপি উঠিল প্রতিবেশী পাকিস্তানো

navbharat times

তীব্র ভূমিকম্পত কঁপি উঠিল পাকিস্তান আৰু আফগানিস্তান । বুধবাৰে আফগানিস্তানৰ পূৱত ভূমিকম্প হয় । যাৰ প্ৰভাৱ পৰে প্রতিবেশী দেশ পাকিস্তানতো । আফগানিস্তানৰ দুৰ্যোগ প্ৰশমন বিভাগ সূত্রে খবৰ, ভূমিকম্পৰ ফলত প্ৰায় ২৫৫ জনৰ মৃত্যু হৈছে । আহত একাধিক । কম্পনৰ মাত্রা আছিল ৬.১ । বিধ্বস্ত অঞ্চলবোৰত উদ্ধাৰকাৰ্য আৰম্ভ হৈছে । আহতসকলক উদ্ধাৰ কৰি হাস্পাতালত ভর্তি কৰোৱা হৈছে ।

তালিবান প্রশাসন সূত্রে জানিব পৰা গৈছে, অধিকাংশ লোকৰ মৃত্যু হৈছে আফগানিস্তানৰ পাকতিকা প্রদেশত । তাত মৃতৰ সংখ্যা শতাধিক । আহতৰ সংখ্যা আঢ়ৈশৰো অধিক । এই তথ্য দিছে তালিবান প্রশাসনৰ দুৰ্যোগ প্ৰশমন বিভাগৰ প্রধান মহম্মদ নাছিম হক্কানিয়ে । নানগড়হাৰ আৰু খোস্ত অঞ্চলতো ভূমিকম্পৰ ফলত অনেকৰ মৃত্যু হৈছে বুলি তালিবান প্রশাসন সূত্রে খবৰ ।

আমেৰিকাৰ ভূ-সর্বেক্ষণ বিভাগ সূত্রে জানিব পৰা গৈছে, দক্ষিণ-পূৱ আফগানিস্তানৰ খোস্ত চহৰৰ পৰা ৪৪ কিলোমিটাৰ দূৰত ভূমিকম্পৰ উৎপত্তি হয় বুধবাৰে পুৱা । ভূপৃষ্ঠৰ পৰা ৫১ কিলোমিটাৰ গভীৰত আছিল এই কম্পনৰ উৎসস্থল । ঘন জনবসতিপূর্ণ অঞ্চল হোৱাৰ বাবে মৃতৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি শংকা কৰা হৈছে ।

Exit mobile version