Pushpa 2 : ‘পুষ্পা’ৰ ছিকুৱেলত দেখা নাযাব ৰশ্মিকাক ? জনালে প্রযোজকে

1643537305 rashmika

‘প্রেম’, ‘একছন’, ‘ড্রামা’ৰে বক্স অফিচত ঢৌ তুলিছিল আল্লু অর্জুন, ৰশ্মিকা মন্দনা অভিনীত ছবি ‘পুষ্পা : দ্য ৰাইজ’ । ছবিখন মুক্তি পোৱাৰ ছমাহ পাছতেই চিনে পৰ্দাত নতুন গুঞ্জন । শীঘ্ৰে মুকলি পাব ‘পুষ্পা’ৰ ছিকুৱেল । আল্লু অর্জুন, ৰশ্মিকা আৰু ফহদ ফাছিলক লৈ এতিয়া চর্চা তুংগত । কিন্তু আৰু দেখা নাযাব ৰশ্মিকা মন্দনাক । অৱশ্যে শোনা গৈছে, ছিকুৱেলত মৃত্যু হ’ব নেকি কোনো চৰিত্রৰ ।

মুম্বাইৰ সংবাদ সংস্থা সূত্রে খবৰ, ছবিত মন্দনাৰ চৰিত্র ‘শ্রীবল্লি’ৰ মৃত্যু হ’ব পাৰে । এই খবৰেই ৰশ্মিকাৰ বহু অনুৰাগীৰ মন বেয়া কৰিছে । এই খবৰ সত্যনে ? এই প্রসংগত মুখ খুলিলে প্রযোজক ৱাই ৰবি শংকৰে । তেওঁ কয়, “পুষ্পা ২-ত ৰশ্মিকা অভিনীত ‘শ্রীবল্লি’ চৰিত্রৰ মৃত্যু ঘটিব, এই খবৰ সম্পূর্ণ ৰচিত ।”

ছিকুৱেল প্রসংগত প্রযোজকৰ আৰু সংযোজন, “ছবিৰ গল্পই এতিয়ও সম্পূৰ্ণ প্ৰস্তুত হোৱা নাই । সকলো এতিয়াও আলোচনাৰ পর্যায়ত । এই পৰ্যন্ত যি যি লিখা হৈছে সকলো মনে সজা । কোনোটোৱে সত্য নহয় ।”

তেন্তে শ্রীবল্লিক পুনৰ পর্দাত দেখিবলৈ পাব দর্শকে ? প্রযোজকৰ দাবী অৱশ্যে দেখিবলৈ পাব । আগষ্টত প্রথমৰ পৰাই আৰম্ভ হ’ব শ্বুটিং । এতিয়া চূড়ান্ত পর্যায়ৰ প্রস্তুতি চলিছে ।

Exit mobile version