দেশত কৰ’নাৰ দৈনিক সংক্রমণ পুনৰ ১৩ হেজাৰ অতিক্ৰম কৰিলে । যোৱা শনিবাৰৰ তথ্য অনুযায়ী ২৪ ঘণ্টাত ১৩ হেজাৰ ২১৬ জন কৰ’না আক্রান্ত হৈছিল । বৃহস্পতিবাৰৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, দেশত এঘণ্টাত ১৩ হেজাৰ ৩১৩ জন কৰ’না আক্রান্ত হৈছে । মুঠ কৰ’না ৰোগীৰ সংখ্যাও বাঢ়িছে ।
বৃহস্পতিবাৰে পুৱা আঠ বজা পর্যন্ত পোৱা তথ্য অনুসৰি দেশত সম্প্ৰতি ৮৩ হেজাৰ ৯৯০ জন কৰ’না ৰোগী আছে ।
এদিনত ৩৮ জনৰ কৰ’নাত মৃত্যু হৈছে বুলি জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে । অৱশ্যে ইয়াৰ ভিতৰত কেৰালাৰ অ-নথিভুক্ত মৃত্যু ২০টা । বাকী ১৮ জনৰ ভিতৰত চাৰিজনৰ মৃত্যু হৈছে উত্তৰ প্রদেশত । মহাৰাষ্ট্র আৰু দিল্লী দুই ৰাজ্যতেই মৃত্যু হৈছে তিনিজন । পশ্চিমবংগ আৰু পঞ্জাৱত বিগত ২৪ ঘণ্টাত দুজনৰ মৃত্যু হৈছে ।
কৰ’নাৰ বৰ্ধিত সংক্রমণৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱত বিগত ২৪ ঘণ্টাত কৰ’না পৰীক্ষা দ্বিগুণৰ অধিক বৃদ্ধি কৰা হৈছে । বুধবাৰে দিয়া তথ্য অনুযায়ী আগৰ ২৪ ঘণ্টাত তিনি লাখ ১০ হেজাৰ ৬২৩ জনৰ কৰ’না পৰীক্ষা কৰা হৈছিল ।
বৃহস্পতিবাৰৰ তথ্য অনুযায়ী যোৱা এদিনত দেশত ছয় লাখ ৫৬ হেজাৰ ৪১০ জনৰ কৰ’না পৰীক্ষা কৰা হৈছে । দৈনিক কৰ’না সংক্রমণৰ হাৰ অর্থাৎ মুঠ পৰীক্ষাৰ নিৰিখত সংক্রমিতৰ অনুপাত বিগত ২৪ ঘণ্টাত কিছু কমি হৈছে ২.০৩ শতাংশ ।