Kangana VS Uddhav : কংগনাৰ ‘অভিশাপ’ লাগিল উদ্ধৱক ! ‘আজি মোৰ ঘৰ ভাঙিছে, কালি তোৰ..’, ভাইৰেল ভিডিঅ’

1599650326 uddhav thackeray kangana ranaut

‘আজি মোৰ ঘৰ ভেঙিছে, কালি তোৰ অহংকাৰ ভাঙিব’, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেৰ উদ্দেশ্যি ঠিক এই কথাই কৈছিল কংগনা ৰণৌটে । ২০২০ৰ ন ছেপ্টেম্বৰত বিএমচিৰ তৰফৰ পৰা পালি হিলছত অৱস্থিত কংগনাৰ সহস্ৰাধিক কাৰ্যালয় গৃহ ভাঙি দিয়া হয় । ইয়াৰ পাছতেই ক্ষোভিত হৈছিল বিজেপি সমর্থক হিচাপে পৰিচিত কংগনা ৰণৌট ।

বর্তমান মহাৰাষ্ট্রৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ । যিকোনো মুহূর্তত ভাঙি যাব পাৰে উদ্ধৱ ঠাকৰেৰ চৰকাৰ । এতিয়াও মুখ্যমন্ত্রীৰ পদৰ পৰা পদত্যাগ নিদিলেও বুধবাৰে নিশা মুখ্যমন্ত্রীৰ আবাস এৰি নিজৰ পৈতৃক ভেটি ‘মাতশ্রী’ত গুচি গৈছে উদ্ধৱ ঠাকৰে । এনে পৰিস্থিতিত ভাইৰেল কংগনাৰ ডেৰ বছৰ আগৰ এই ভিডিঅ’ । ভিডিঅ’ত কি কৈছে কুইনে ?

সাধাৰণভাৱেই ত‌ই বুলি সম্বোধন কৰি প্রকাশ্যত উদ্ধৱ ঠাকৰেক উদ্দেশ্যি প্ৰত্যাহ্বান দি তেওঁ কৈছিল, ‘উদ্ধৱ ঠাকৰে ত‌ই কি ভাবিছ.. তই ফিল্ম মাফিয়াৰ স’তে হাত মিলাই মোৰ ঘৰ ভাঙি মোৰ পৰা প্রতিশোধ ল’লি ? সময়ৰ চকা ঘূৰিব । তই আজি মোৰ ঘৰ ভাঙিছ, কালি তোৰ অহংকাৰ ভাঙিব ।’

টুইটাৰত ভাইৰেল কংগনাৰ একাধিক পুৰণি ভিডিঅ’ । ইয়াৰ উপৰি এটা ভিডিঅ’ত কংগনাক কোৱা শোনা যায়, ‘ইতিহাস সাক্ষী আছে যেতিয়াই কোনোৱে কোনো নাৰীৰ অপমান কৰিছে তেওঁৰ পতন নিশ্চিত । ৰাৱণে সীতাক অপমান কৰিছিল, কৌৰবে দ্রৌপদীৰ অস্মিতা হৰণৰ চেষ্টা কৰিছিল তেওঁলোকৰ নিমূল হৈছে । ম‌ই এই মহান নাৰীসকলৰ সমান নহয়, কিন্তু ম‌ইও নাৰী । নিজকে ৰক্ষাৰ চেষ্টাই ম‌ই কৰিছো… ম‌ই বিশ্বাস কৰো নাৰীক অসন্মান কৰিলে তোমাৰ বিনাশ আসন্ন’ ।

ইয়াৰ মাজতেই কংগ্রেছ নেতা অভিষেক সাংঘভিয়ে টুইট কৰে, ‘বোধহয় কংগানাইও বহু মহিলাক অপমান কৰিছে, সেয়ে তেওঁৰ ছবি ধাকড় ফ্লপ হৈছে’ ।

https://twitter.com/SheebaChoudhry/status/1539629504028545024?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1539629504028545024%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fbangla.hindustantimes.com%2F

উদ্ধৱ ঠাকৰৰ বাসগৃহ যে সঁচাকৈয়ে ভেঙিছে তাক লৈ সন্দেহ নাই । একনাথ শিণ্ডেসহ মুঠ ৩৫ জন শিৱসেনা বিধায়ক বর্তমান গুৱাহাটীৰ হোটেলত আছে । তেওঁলোকে বিজেপিৰ স’তে একজোঁট হৈ গদিচ্যুত কৰিব পাৰে উদ্ধৱ ঠাকৰেক । যদিও ‘বিদ্রোহী’সকলক উদ্দেশ্যি মুখ্যমন্ত্রীৰ বার্তা যিকোনো সময়ত পদত্যাগ দিবলৈ প্ৰস্তুত তেওঁ । অন্য শিৱ সৈনিকৰ বাবে মুখ্যমন্ত্রীৰ পদ এৰি দিব তেওঁ, মুখ্যমন্ত্রীৰ আবাস ইতিমধ্যে এৰি দিছে ।

সূত্রৰ খবৰ, বর্তমান শিণ্ডে গোষ্ঠীত ৩৮ শিৱসেনা বিধায়কৰ সমর্থন আছে । আনহাতে, মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেৰ সমর্থনত মাত্র ১৬ জন বিধায়ক আছে । এজন বিধায়কে এতিয়াও মনস্থিৰ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে ।

উল্লেখ্য, ৫৫ বিধায়কৰ দলত একনাথৰ দলবিৰোধী আইন পৰিহাৰ কৰিবলৈ ৩৭ জন বিধায়ক প্রয়োজন আছিল । সেই সংখ্যাতকৈ এজন বিধায়ক অধিক আছে শিণ্ডে গোষ্ঠীত ।

Exit mobile version