ভৱানীপুৰ উন্নয়ন খণ্ডৰ বালাপাৰা, দীঘলদঙা অঞ্চলত এ এম ইউ আৰ টিৰ বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ

বালাপাৰাৰ আশ্ৰয় শিবিৰত ১০টা দিনে নাই চৰকাৰী খাদ্য সামগ্ৰীৰ যোগান

WhatsApp Image 2022 06 24 at 7.51.35 PM

বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য মহীপাল বড়ো আৰু বিটিআৰৰ শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীৰ নেতৃত্বত বৰপেটাৰোডৰ আনন্দ মাৰগো ইউনিভাৰচেল ৰিলিফ টীম চমুকৈ এ এম ইউ আৰ টিৰ উদ্যোগত আজি ভৱানীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বানাক্ৰান্ত এলেকাত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহাৰ্য বিতৰণ কৰা হয় ।

উল্লেখ্য যে বালাপাৰাত শ্যামা পূজা মন্দিৰত অঞ্চলটোৰ কে’বাখনো গাঁৱৰ বানাক্ৰান্তৰ বাবে স্থাপিত আশ্ৰয় শিবিৰত থকা লোক সকলৰ মাজত, বৃহত্তৰ দীঘলদঙা অঞ্চলত বানাক্ৰান্ত ৰাইজৰ মাজত খোৱা পানী, বিস্কুট, ছাৰ্ফ, চাবোন, মহ খেদা ধূপ আদি বিতৰণ কৰে । বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য মহীপাল বড়ো, শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, এ এম ইউ আৰ টিৰ বৰপেটাৰোড শাখাৰ দায়িত্ববাহী আচাৰ্য উদিতানন্দ অৱধুত, ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি বিখন গয়াৰী, সাধাৰণ সম্পাদক সুৰেশ সৰকাৰৰ লগতে কে’বাগৰাকীও দলীয় বিষয়ববীয়াই বানাক্ৰান্ত ৰাইজৰ মাজত সামগ্ৰীসমূহ বিতৰণ কৰে ।

উল্লেখ্য যে বালাপাৰা শ্যামাপূজা মন্দিৰত থকা বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত থকা লোক সকলে আজিলৈ ১০টা দিন ধৰি আশ্ৰয় লৈ আছে যদিও তাত চৰকাৰীভাৱে খাদ্য সামগ্ৰী বিতৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংবাদ মাধ্যমৰ আগত আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত ৰাইজে ।

আন এক উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ ৰাস্তা ঘাট,ঘৰ দুৱাৰ আজিলৈ দহটা দিন ধৰি বানত কবলত তথা পানীৰ তলতেই থকাত বানাক্ৰান্ত ৰাইজে ওখ পথৰ ওপৰত, আশ্ৰয় শিবিৰতেই আৱদ্ধ হৈ আছে।

Exit mobile version