২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিত বন্য হস্তীয়ে উপদ্ৰৱ কৰা অঞ্চল পৰিদৰ্শন বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্যৰ লগতে বিটিচিৰ বন বিভাগ ব্যৰ্থ হোৱা বুলি প্ৰকাশ নাৰ্জাৰীৰ

WhatsApp Image 2022 06 24 at 8.06.53 PM

২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সামাইঝৰা, গুঘুঝৰা, বৰবিল, পানবাৰী, সত্যপুৰ গাঁৱত সম্প্ৰতি হাতীৰ আতংকত বিনিদ্ৰ নিশা কটাবলগীয়া হৈছে গাঁওবাসীয়ে ৷ সুপাৰী বন সংমণ্ডলৰ অধিনস্থ গুমা বনাঞ্চলৰ গাতে লাগি থকা গাঁওকেইখনত কিছুদিন ধৰি হাতীয়ে মুক্ত বিচৰণ কৰাত গাঁওখনৰ ৰাইজৰ আতংকত ৰাতি নুপুওৱা হৈছে ৷ হাতীৰ জাকে উক্ত অঞ্চলৰ গৃহৰ যথেষ্ট ক্ষতিসাধন কৰে ৷

তথ্য অনুসৰি, নিশা গাঁওখনত হাতীৰ জাকে প্ৰৱেশ কৰি ভড়ালৰ ধান, বাৰীৰ কলগছ, তামোল গছ আদি ভাঙি চুৰমাৰ কৰে । আনহাতে ঘটনা সম্পৰ্কে বন বিভাগক অৱগত কৰাৰ পাছতো বন বিভাগে বিষয়টোৰ গুৰুত্ব প্ৰদান নকৰাত আতংকিত হৈ পৰিছে গঞাই ৷ উক্ত ঘটনাৰ খবৰ পাই আজি ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে উক্ত অঞ্চলবোৰ পৰিদৰ্শন কৰি অতি শীঘ্ৰে হাতীৰ দলটো ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিওৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ।

বিগত ১৫/১৬ দিনৰ পৰা উক্ত অঞ্চলত হাতীৰ জাকে উপদ্ৰৱ কৰি আহিছে যদিও বিটিচিৰ বন বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাত দুখ প্ৰকাশ কৰি বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্যৰ লগতে বিটিচিৰ বন বিভাগ ব্যৰ্থ হোৱা বুলি প্ৰকাশ কৰি অতি সোনকালে হাতীৰ দলটো খেদি পঠিয়াবলৈ আহ্বান জনায় অন্যথা ইয়াৰ ওপৰত স্থানীয় লোকক লৈ আন্দোলন গঢ়ি তুলিব বুলিও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।

লগতে হাতীৰ উপদ্ৰৱত ক্ষয়-ক্ষতি হোৱা লোক সকলক সাহাৰ্য্য প্ৰদানৰ লগতে ক্ষয়-ক্ষতি পৰ্যবেক্ষণ কৰি উপযুক্ত ক্ষতিপূৰণ দিবলৈও আহ্বান জনায় বিধায়ক নাৰ্জাৰীয়ে ।

Exit mobile version