Coronavirus in India : ফেব্রুৱাৰীৰ পাছত দেশত সর্বোচ্চ নতুন আক্রান্ত, ২৪ ঘণ্টাত মহাৰাষ্ট্রত পাঁচ হেজাৰৰ অধিক

corona tests 660 260320104354

দেশত কৰ’নাত নতুনকৈ আক্রান্তৰ সংখ্যা বহু বৃদ্ধি পালে । বিগত চাৰি মাহৰ নিৰিখত যি সর্বোচ্চ । বিগত ২৪ ঘণ্টাত ১৭ হেজাৰ পাৰ হৈছে । উদ্বেগ বঢ়াইছে মহাৰাষ্ট্র, কেৰালা, দিল্লী, তামিলনাডু আৰু হাৰিয়ানাৰ দৈনিক আক্রান্তৰ পৰিসংখ্যাই । দৈনিক সংক্রমণৰ হাৰ বহু বাঢ়িছে বুলি জনাইছে স্বাস্থ্যকর্তাসকলে ।

শুকুৰবাৰে পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ দ্বাৰা প্রকাশিত বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ১৭,৩৩৬ জন নতুন আক্রান্তৰ সন্ধান পোৱা গৈছে । চলিত বছৰৰ ফেব্রুৱাৰীৰ মাজ ভাগত ঊর্ধ্বমুখী হৈ এসময়ত প্রায় চাৰে তিনি লাখৰ ওচৰা-ওচৰি হৈছিল । অৱশ্যে ইয়াৰ পাছৰ পৰা নিম্নমুখী হ’বলৈ লয় । যদিও সাম্প্রতিককালত দেশজুৰি সংক্রমণ বাঢ়িছে ।

বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত ৫,২১৮ জনৰ ভিতৰত সংক্রমণ বিয়পিছে । আনহাতে, কেৰালা (৩,৮৯০), তামিলনাডু (১,০৬৩) আৰু হাৰিয়ানা (৮৭২)— এই চাৰি ৰাজ্যত দৈনিক সংক্রমণৰ সংখ্যাই উদ্বেগ বঢ়াইছে । ৰাজধানী দিল্লীত দৈনিক আক্রান্ত হৈছে ১,৯৩৪ জন ।

স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত আক্রান্তৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি হৈছে । সংক্রমণৰ দৈনিক হাৰ হৈছে ৪.৩২ শতাংশ । ২৩ জুনৰ বুলেটিনত আছিল ২.০৩ শতাংশ । স্বাস্থ্যকর্তাসকলে জনাইছে, সম্প্ৰতি কৰ’নাত আক্রান্ত হৈছে মুঠ ৮৮,২৮৪ জন ।

দৈনিক সংক্রমণৰ সংখ্যা বাঢ়িলেও বিগত ২৪ ঘণ্টাত ৰোগীৰ মৃত্যু কমিছে । এই সময়ৰ ভিতৰত ১৩ জন আক্রান্তৰ মৃত্যু হৈছে বুলি জনাইছে স্বাস্থ্য মন্ত্রণালয়ে ।

Exit mobile version