Jaam : জামু খাই ভালপায় ? খোৱাৰ সময়ত কোনবোৰ নিয়ম নামানিলে হ’ব পাৰে বিপদ

26MPJAMUN1

দেশত বৰষা আগমনৰ পূর্বাভাস দিলেও তাপমাত্রা কমা নাই । গৰমত শৰীৰ শীতল ৰাখিবলৈ অনেকেই ঠাণ্ডা তথা নৰম পানীয় গ্ৰহণ কৰে । অৱশ্যে এই ধৰণৰ পানীয়ত শর্কৰাৰ পৰিমাণ বহু বেছি । শৰীৰ বাবেও উপকাৰী নহয় । চিকিৎসকসকলৰ মতে, শৰীৰ সুস্থ ৰাখিবলৈ বতৰৰ ফল খোৱা উচিত । গৰমকালীন বজাৰত ফলৰ অভাৱ নাই । অৱশ্যে গৰমত জামুৰ জনপ্ৰিয়তা কিছু হ’লেও বেছি । জামুত প্রচুৰ পৰিমাণে পুষ্টিগুণ আছে । পটেছিয়াম, ফচফৰাছ, কেলচিয়াম, ছডিয়াম, মেগনেছিয়াম সমৃদ্ধ জামুৱে শৰীৰৰ বহু সমস্যাৰ সমাধান কৰে ।

জামুৱে কিদৰে শৰীৰৰ যত্ন লয় ?

তেজ বিশুদ্ধ কৰে

জামু তেজ পৰিশোধনকাৰী হিচাপে কাম কৰে । তেজত হিম’গ্লবিন আৰু আয়ৰনৰ মাত্রা বৃদ্ধি কৰে জামুৱে । তেজৰ পৰা যাৱতীয় প্ৰদূষিত পদার্থ শোষণ কৰি তেজ পৰিষ্কাৰ ৰাখে । তেজ পৰিষ্কাৰ কৰাৰ লগতে ছালতো ইয়াৰ প্রভাৱ পৰে । ছাল সুস্থ থাকে । চকুৰ স্বাস্থ্য ভাল ৰাখে জামুৱে ।

উচ্চ ৰক্তচাপ নিয়ন্ত্রণত ৰাখে

প্রচুৰ পৰিমাণে পটেছিয়াম সমৃদ্ধ জামুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্রণত ৰাখি হৃদ্‌ৰোগৰ শংকা কমায় । নিয়মিত জাম খোৱাৰ অভ্যাসে হার্ট এটেক বা মানসিক চাপৰ শংকা হ্রাস কৰে ।

কোষ্ঠকাঠিন্যৰ সমস্যা কমায়

ডায়েটাৰী ফাইবাৰ সমৃদ্ধ জামে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে । দীর্ঘ দিন ধৰি যিসকল কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিছে, সুস্থ থাকিবলৈ তেওঁলোকে জামু খাব পাৰে । অৱশ্যে এই সুফলবোৰ পাবলৈ জামু খোৱাৰ সময়ত আৰু পাছত মানি চলিব লাগিব কিছুমান নিয়ম । সেইবোৰ কি কি ?

১) ফল খোৱাৰ পাছত সাধাৰণতে পানী খোৱাত বাধা দিয়া হয় । পিয়াহ লাগিলেও জামু খাই কেতিয়াও পানী নাখাব । জামু খোৱাৰ অন্তত আধা ঘণ্টা পাছত পানী খাওক ।

২) খালি পেটত জামু নোখোৱাই ভাল । অন্যথা বদহজম, অম্বল হোৱাৰ শংকা থাকে ।

৩) জামু খোৱাৰ পাছত গাখীৰ, পনিৰ, দৈৰ দৰে দুগ্ধজাত খাদ্য পৰিহাৰ কৰক ।

৪) জামু আৰু হালধি অতি মাৰাত্মক । এই দুবিধ কেতিয়াও একলগে নাখাব । জামু খোৱাৰ পাছত সেয়ে হালধিৰে প্ৰস্তুত কোনো খাদ্য নোখোৱাই ভাল ।

Exit mobile version