COVID-19 : ক’ভিড আপডেট

20201212205L

দেশত পুনৰ বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ প্ৰকোপ । যদিও শুক্রবাৰৰ তুলনাত শনিবাৰে দৈনিক সংক্রমণ কিছু কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত ১৫ হেজাৰ ৯৪০ জন । শুক্রবাৰতকৈ ৮.১ শতাংশ কমিল সংক্রমণ ।

এদিনত দেশত কৰ’নাই প্রাণ কাঢ়িছে ২০ জনৰ । সম্প্ৰতি ভাৰতত সক্রিয় ৰোগীৰ সংখ্যা ৯১ হেজাৰ ৭৭৯ । দৈনিক সুস্থতাৰ হাৰ ৪.৩৯ শতাংশ । এদিনত ভাইৰাছ মুক্ত হৈ সুস্থ হৈছে ১২ হেজাৰ ৪২৫ জন । দেশত সুস্থতাৰ হাৰ ৯৮.৫৮ শতাংশ ।

দেশত পাঁচ ৰাজ্যৰ সংক্রমণৰ গ্রাফে উদ্বেগ বঢ়াইছে । মহাৰাষ্ট্র, কেৰালা, দিল্লী, তামিলনাডু আৰু কর্নাটকত ক্রমশ বাঢ়িছে ভাইৰাছৰ প্ৰকোপ । মহাৰাষ্ট্রত নতুনকৈ সংক্রমিত হৈছে চাৰি হেজাৰ ২০৫ জন । কেৰালাত নতুনকৈ আক্রান্ত হৈছে তিনি হেজাৰ ৯৮১ জন । দিল্লিত ক’ভিডত সংক্রমিত হৈছে এহেজাৰ ৪৪৭ জন । তামিলনাডুত আক্রান্তৰ সংখ্যা এহেজাৰ ৩৫৯ । কর্নাটকত সংক্রমিত ৮১৬ জন ।

Exit mobile version