ডান্স ইণ্ডিয়া ডান্স লিটিল মাষ্টৰ মঞ্চত তিনিটা স্থান দখলেৰে অসম সন্তান

গোগামুখত আপ্পুনক উষ্ম আদৰণি

WhatsApp Image 2022 06 28 at 6.25.16 PM

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জলি আপ্পুন পেগুৱে ডান্স ইণ্ডিয়া ডান্সৰ প্ৰথম ৰানাৰ্ছ আপ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ গোগামুখবাসীক গৌৰাৱান্বিত কৰি তুলিলে, যাৰ বাবে গোগামুখৰ দল সংগঠনে আজি উষ্ম আদৰণি জনায় আপ্পুনক ৷

গোগামুখ নগৰত সমদল উলিয়াই আবতানি লত্তাত সন্মান আগবঢ়ায় সংগঠনসমূহে ৷ ধেমাজি জিলাৰ গোগামুখৰ লটাক গাঁৱত ২০১৫ৰ তিনি ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা আপ্পুনে কঠোৰ জীৱনশৈলীৰ মাজেৰে আগবাঢ়িছে ৷

পাৰিবাৰিক কন্দলৰ বাবে পিতৃৰ কাষৰ পৰা আঁতৰত অৱস্থান কৰি পিতৃ-মাতৃৰ মৰম-স্নেহৰ পৰা বঞ্চিত হৈ ককাক পৰমানন্দ পেগু আইতাক চিত্ৰজ্যোতি দলে পেগুৱে তুলি লৈছিল যদিও তাইক লৈ বহু চিন্তিত হৈ পৰিছিল ককাক আইতাক কিয়নো তাই সৰুৰেপৰা হৃদৰোগত আক্ৰন্ত আছিল ৷ ঘৰৰ সা-সম্পত্তি বিক্ৰী কৰি দুই বছৰ চিকিৎসা চলাইছিল যদিও সুস্থ হৈ উঠা নাছিল ৷

অৱশ্যে সেই সময়ৰ বিজিপিৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপ্পুনক উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্যৰে সহায়ৰ হাত আগবঢ়াইছিল ৷ ডাক্তৰে তাইক সুস্থ হৈ উঠিবৰ বাবে শাৰীৰিক চৰ্চা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ ককাকে শৰীৰ চৰ্চাৰ বাবে গোগামুখস্থিত চিজিলাৰ ডান্স একাডেমিত নাম ভৰ্তি কৰাই দিছিল ৷ পৰৱৰ্তী সময়ত আয়ান গিৰি নামৰ এগৰাকী প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ লৈছিল ৷ প্ৰশিক্ষক আয়ানগিৰি আৰু ককাকে ভাবিছিল তাই এদিন নৃত্য প্ৰতিভাৰে জিলিকি উঠিব ৷ সেই সপোন যেন দিঠকত পৰিণত হ’ল ৷ সম্প্ৰতি ডান্স ইণ্ডিয়া ডান্সৰ লিটিল মাষ্টৰ যোগে গোগামুখ তথা অসমৰ ভোটাতৰা হৈ জিলিকি উঠিল আপ্পুন ৷

Exit mobile version