ভৱানীপুৰৰ বানপীড়িত অঞ্চলত বন্যাৰ্তক বান সাহায্য প্ৰদান শিল্পী ভৃগু কাশ্যপ, গীতালি দেৱী, ৰূপালী কাশ্যপৰ

“মানুহে মানুহৰ বাবে” কথাষাৰক সৰোগত কৰি ভৱানীপুৰ সমষ্টিৰ বানপীড়িত অঞ্চলত গৈ আজি বন্যাৰ্তৰ কাষত থিয় দিলে অসমৰ কে’বাগৰাকীও জনপ্ৰিয় শিল্পীয়ে । অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ, গীতালি দেৱী আৰু ৰূপালী কাশ্যপৰ লগতে কে’বাগৰাকী শিল্পীয়ে বানে ধ্বংসলীলা চলোৱা ভৱানীপুৰ বিধানসভা সমষ্টিৰ মেধিকুছি আৰু দঙাৰপাৰ গাঁৱত উপস্থিত হৈ বন্যাৰ্তৰ মাজত বিতৰণ কৰিলে চাউল, আলু, দাইল, মিঠাতেল আদি খাদ্য সামগ্ৰীৰ লগতে কেতবোৰ নিত্যব্যৱহাৰ্য সামগ্ৰী ।

শিল্পীসকলে মেধিকুছিৰ আশ্ৰয় শিবিৰত থকা বন্যাৰ্তৰ সুখ-দুখৰ লগতে সমস্যাৰ বুজ লৈ ভৱিষ্যতেও সাধ্যঅনুসাৰে আৰ্তজনক সহায় কৰিব বুলি ব্যক্ত কৰে । তেনেদৰে বানে ধ্বংসলীলা চলোৱা ভৱানীপুৰ বিধানসভা সমষ্টিৰ আন এখন গাঁও দঙাৰপাৰতো শিল্পীসকলে উপস্থিত হৈ বন্যাৰ্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

উল্লেখ্য যে তিনি শতাধিক পৰিয়ালৰ মাজত শিল্পীসকলে খাদ্য সামগ্ৰী বিতৰণ কৰে ।

Exit mobile version