Rupee : পুনৰ টকাৰ দামত পতন, ডলাৰৰ নিৰিখত দাম সর্বনিম্ন ৭৮.৮৬

India cash

পুনৰ হ্ৰাস পালে টকাৰ মূল্য । আজি বজার খুলাৰ পাছতেই ডলাৰৰ নিৰিখত টকাৰ দাম সর্বনিম্ন হ’ল । এক মার্কিন ডলাৰৰ দাম হ’ল ৭৮.৮৬ টকা । জনাইছে সংবাদ সংস্থা পিটিআই-য়ে ।

মঙলবাৰে শ্বেয়াৰ বজাৰ বন্ধ হোৱাৰ সময়ত ডলাৰৰ নিৰিখত টকাৰ দাম আছিল ৭৮.৭৭ । আজি সেয়া আৰু কমিল । সেয়ে পতন হ’ল শ্বেয়াৰ সূচক ছেনছেক্সেছ । বুধবাৰে ৪৩৫.২২ প‌ইন্ট কমি হ’ল ৫২,৭৪২.২৩ । পতন হৈছে ০.৮২ শতাংশ । নিফটিৰ ১৩২.০৫ প‌ইন্ট পতন হৈছে । সম্প্ৰতি হৈছে ১৫,৭১৮.১৫ । শতকৰা হাৰ ০.৮৩ ।

বজাৰ বিশেষজ্ঞ অনুজ চৌধুৰীৰ মতে, বিশ্ব বজাৰত তেলৰ দাম বাঢ়িছে । দেশত ছেনছেক্সেছৰো পতন হৈছে । সেয়ে টকাৰ দাম কমিছে ।

Exit mobile version