ভাওঁৰাগুৰীৰ সমীপৱৰ্তী কমলসিং উপ স্বাস্থ্য কেন্দ্ৰ ঘেৰাও কৰি ৰাইজৰ প্ৰতিবাদ

চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ

WhatsApp Image 2022 06 30 at 7.05.07 PM

গোসাঁইগাঁও মহকুমাৰ ভাওঁৰাগুৰীৰ সমীপৱৰ্তী কমলসিং উপ স্বাস্থ্য কেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ ।‌ ৰোগীৰ মৃত্যুক লৈ ৰাইজে ঘেৰাও কৰে স্বাস্থ্য কেন্দ্রটো ।

প্ৰাপ্ত বাতৰি মতে চিকিৎসালয়টোৰ পৰা প্ৰায় তিনিশ মিটাৰ নিলগৰ নতুনপাৰা গাঁৱৰ নিবাসী তথা কচুগাঁও মণ্ডল বিজেপিৰ সদস্য সুজিৎ দাস(৩০) নামৰ যুৱকজন উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাত সংকটজনক অৱস্থাত যোৱা নিশা প্ৰায় ১২:৩০ বজাত ৰোগীজনক কমলসিং উপ স্বাস্থ্য কেন্দ্ৰত লৈ আহে যদিও চিকিৎসকক লগ নাপায় ৰোগীৰ আত্মীয়য় । ডক্টৰৰ কোৱাৰ্টাৰত চিকিৎসকজনক মতাৰ কাৰণে যায় যদিও কোৱাৰ্টাৰৰ দুৱাৰ বন্ধ থকাৰ বাবে চিঞৰি চিঞৰি চিকিৎসক মতাৰ পাছতো চিকিৎসকজন টোপনিৰ পৰা নোঠাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।

পাছত এম্বুলেঞ্চক খবৰ দিয়াত গোসাঁইগাঁৱৰ পৰা এম্বুলেঞ্চ অহাত এম্বুলেঞ্চৰ সহায়ত কোকৰাঝাৰলৈ যোৱাৰ সময়তে মাজবাটতে ৰোগীজনৰ মৃত্যু হয় । আজি ৰাইজে উক্ত ঘটনাৰ প্ৰতিবাদত কমলসিং উপ স্বাস্থ্য কেন্দ্র ঘেৰাও কৰি চিকিৎসককজনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পাছত ভাওৰাগুৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । মৃত ব্যক্তিজনৰ আত্মীয়ই চিকিৎসকজনক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ লগতে প্ৰশাসনক দাবী জনায় ।

ইপিনে, কমলসিং উপ স্বাস্থ্য কেন্দ্রৰ চিকিৎসক বিলিয়ন বসুমতাৰীয়ে ৰাইজৰ অভিযোগসমূহ নস্যাৎ কৰে । উক্ত ঘটনাক লৈ তীব্র চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ।

Exit mobile version