Smoke In Flight : মাজ আকাশত বিমানত জুইৰ-আতংক, জৰুৰী অৱতৰণ দিল্লী বিমানবন্দৰত

spicejet 1651464642

মাজ আকাশতে বিমানত জুইৰ-আতংক । কথমপি ৰক্ষা পৰিল যাত্রীসকল । পুৱা ছয় বাজি ১০ মিনিটত দিল্লী (Delhi) বিমানবন্দৰৰ পৰা উৰন আৰম্ভ কৰিছিল জব্বলপুৰগামী (Jabalpur) স্পাইচজেটৰ বিমানখনে । বিমানত ৫০ জন যাত্রী আছিল । পাঁচ হেজাৰ ফুট উচ্চতাত বিমানৰ কেবিনৰ পৰা ধোঁৱা ওলোৱা দেখি আতংকৰ সৃষ্টি হয় । দিল্লী বিমানবন্দৰত উভতাই আনি জৰুৰী অৱতৰণ কৰা হয় । নিৰাপদে উলিয়াই অনা হয় যাত্রীসকলক ।

বিমানত জুইৰ-আতংক : সংবাদ সংস্থা এএনআই-এ দিয়া তথ্য অনুযায়ী, বিমান সংস্থাৰ এজন মুখপাত্র‌ই জনায়, আজি পুৱা দিল্লীৰ পৰা জব্বলপুৰ গামী বিমানত যাত্রীসকলে ধোঁৱা ওলোৱা দেখিবলৈ পায় । সেই সময়ত মাটিৰ পৰা পাঁচ হেজাৰ ফুট উচ্চতাত আছিল বিমানখন । প্রত্যেক যাত্রীক উদ্ধাৰ কৰা সম্ভৱ হৈছে । সংবাদ সংস্থাই টুইট কৰা এটা ভিডিঅ’ত দেখা গৈছে কেবিনত ধোঁৱা ওলাইছে । ইয়াৰ পাছতেই দিল্লী বিমানবন্দৰত এই বিমান অৱতৰণ কৰা হয় ।

ইয়ৰ পূৰ্বে জুনত টেক অফৰ পাছত ইঞ্জিন বিকল হৈ মাজ আকাশত বিমানত জুই লাগি যায় । পাইলটৰ তৎপৰতাত পাটনা বিমানবন্দৰত উভতি আহি জৰুৰী অৱতৰণ কৰে বিমানখনৰ । এএনআই সূত্রে খবৰ, মাজ আকাশত কোনো সমস্যাৰ বাবে বিমানখনৰ বাঁওফালৰ উইঙত জুই লাগি যায় । ধোঁৱা ওলাই থাকে । পাটনাৰ জিলাপ্ৰশাসক চন্দ্রশেখৰ সিঙে কয়, ‘বিমানৰ বাঁওফালৰ উইঙত জুই দেখা যায় । লগে লগে অৱতৰণ কৰা হয় বিমানখন । দুটা ব্লেডো বেঁকা হৈ গৈছিল ।ফুলেশ্বৰী শ্বৰিফৰ বাসিন্দাসকলে বিমানখন দেখা পায়, তেওঁলোকেই বিমানবন্দৰ কর্তৃপক্ষক খবৰ দিয়ে ।’

সম্প্ৰতি অনুমান কৰা হৈছে কোনো যান্ত্রিক ত্রুটিৰ বাবে এনে ঘটনা সংঘটিত হ’ল । অৱশ্যে ঘটনাৰ মূল কাৰণ জানিবলৈ তদন্ত আৰম্ভ হৈছে ।

Exit mobile version