Varanasi : ‘ছুইমিং পুল’ত পুণ্যস্নান‌ ! অভিনৱ ব্যৱস্থা বাৰাণসীৰ নমো ঘাটত, উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

1656733561 pool

পুণ্য অর্জনৰ লগতে লাভ কৰিব ছুইমিং পুলত গা-ধোৱাৰ মজা । উত্তৰ প্রদেশৰ তীর্থচহৰ বাৰাণসীত গংগাৰ এটা ঘাটত নিৰ্মাণ কৰা হৈছে তেনেকুৱাই এটা অভিনৱ ব্যৱস্থা । আগন্তুক সপ্তাহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিব এই ‘হাইটেক’ ঘাটৰ ।

উত্তৰ প্রদেশৰ তীর্থচহৰৰ দু’বাৰৰ সাংসদ তেওঁ । ঘটনাচক্রে, উত্তৰ প্রদেশ চৰকাৰৰ ‘স্মার্ট চিটি’ প্রকল্পত বাৰাণসীৰ যি খিড়কিয়া ঘাটত ‘ছুইমিং পুলৰ’ স্বাচ্ছন্দ্যৰ ব্যৱস্থা কৰা হৈছে, তাৰ পৰিচিতিও ‘নমো ঘাট’ হিচাপে । বিগত কিছু বছৰ ধৰি উত্তৰ প্রদেশৰ এই তীর্থচহৰত কাশী বিশ্বনাথ কৰিড’ৰসহ নানা প্রকল্পৰ উদ্বোধন কৰিছে প্রধানমন্ত্রীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ বিমল পেটেলৰ নেতৃত্বত চলিছে বাৰাণসীৰ ৰূপ পৰিৱৰ্তনৰ কাৰ্য । বিমলেই দিল্লীৰ চেন্ট্রেল ভিষ্টা প্রকল্প ৰূপায়ণৰ দায়িত্বত আছে ।

প্রতি বছৰেই বাৰাণসীৰ ঘাটবোৰচ স্নান কৰিবলৈ গৈ সৰু-বৰ দুর্ঘটনাৰ সন্মুখীন হয় পুণ্যার্থীসকল । বাৰাণসী প্রশাসনৰ যুক্তি, নমো ঘাটত ছুইমিং পুল সদৃশ গঢ়ি তোলা পৰিকাঠামোৱে পুণ্যস্নানক নিৰাপদ কৰি তুলিব । ঢৌৰ তীব্ৰতা ৰোধ কৰিবলৈ ঘাট আবৰি দেৱাল দি গঢ়ি তোলা হৈছে ‘স্নানকুণ্ড’ । পানীৰ উচ্চতা নির্দিষ্ট ৰখাৰ উদ্দেশ্যে ছুইমিং পুলৰ ভাজতেই ধাতৱ জাল পতা হৈছে । আলোকসজ্জাৰ ব্যৱস্থাও আছে । অদূৰ ভবিৱিষ্যতে নমো ঘাট জনপ্রিয় পর্যটনক্ষেত্র হৈ উঠিব বুলি দাবী যোগী আদিত্যনাথ চৰকাৰৰ ।

Exit mobile version