COVID-19 : ক’ভিড আপডেট

covid testing

দেশত ক্রমে বাঢ়িছে নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা । শুকুৰবাৰৰ তুলনাত শনিবাৰে আৰু বৃদ্ধি পালে । লগতে কৰ’না আক্রান্ত হৈ মৃত্যুৰ সংখ্যাও বাঢ়িছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ দৈনিক পৰিসংখ্যা অনুযায়ী, শনিবাৰে দেশত কৰ’না সংক্রমিত হৈছে মুঠ ১৮ হেজাৰ ৮৪০ জন । শুকুৰবাৰে দৈনিক আক্রান্তৰ সংখ্যা আছিল ১৮ হেজাৰ ৮১৫ ।

বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪৩ জনৰ । শুকুৰবাৰে দেশত কৰ’নাত আক্রান্ত হৈ ৩৮ জনৰ মৃত্যু হৈছিল । অর্থাৎ, ২৪ ঘণ্টাৰ ব্যৱধানত দেশত কৰ’না আক্রান্তৰ লগতে বৃদ্ধি পালে মৃতৰ সংখ্যাও ।

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ দৈনিক কৰ’না পৰিসংখ্যা অনুযায়ী, শনিবাৰে দেশত দৈনিক সংক্রমণৰ হাৰ ৪.১৪ শতাংশ ।

বিগত ২৪ ঘণ্টাত দেশত ৪৩ জনৰ মৃত্যু হোৱাত, ইয়াকে লৈ কৰ’না আক্রান্ত হৈ মৃত্যু হ’ল মুঠ পাঁচ লাখ ২৫ হেজাৰ ৩৮৬ জনৰ । সম্প্ৰতি দেশত সক্রিয় কৰ’না ৰোগীৰ সংখ্যা দুহেজাৰ ৬৯৩ জন ।

Exit mobile version