Sri Lanka Crisis : শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ পলায়নৰ পাছতেই সহস্ৰাধিক বিক্ষোভকাৰী প্ৰৱেশ কৰিছে তেওঁৰ প্ৰাসাদত

2022 07 09T110913Z 946943041 RC288V95RU4W RTRMADP 3 SRI LANKA CRISIS

গণবিক্ষোভত জ্বলিছে শ্রীলংকা । বিক্ষোভকাৰীসকলে ৰাজধানী কলম্বোত ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেৰ প্রাসাদত প্ৰৱেশ কৰিছে । তাৰ ঠিক আগতেই ৰাষ্ট্ৰপতিক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় । সমগ্ৰ দেশতেই অগ্নিগর্ভ পৰিস্থিতি । আর্থিকভাৱে জুৰুলা দেশৰ পথে পথে আৰম্ভ হৈছে বিক্ষোভ । কন্দোৱা গেছ নিক্ষেপ কৰিও ৰোধ কৰিব পৰা নাই বিক্ষোভ ।

শুকুৰবাৰে বিয়লিৰ পৰাই দ্বীপৰাষ্ট্রৰ পৰিস্থিতি উত্তপ্ত হ’ব লয় । বাছ, ৰে’ল, গাড়ীৰে দলে দলে মানুহ আহে ৰাজধানী কলম্বোত । বিপদৰ উমান পায় শুকুৰবাৰে নিশাই ৰাষ্ট্ৰপতি ৰাজাপক্ষেক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে সেনাই । প্রবল উৎকণ্ঠাত নিশা কটালেও জনতাৰ ধৈর্যৰ বান্ধ ভাঙে পুৱা । সান্ধ্য আইন উপেক্ষা কৰি সহস্ৰাধিক লোকে কলম্বোত ৰাজাপক্ষেৰ চৰকাৰী প্রাসাদ ঘেৰাও কৰে । কন্দোৱা গেছ নিক্ষেপ কৰি, শূন্যত গুলি চালনা কৰিও তেওঁলোকক প্ৰতিৰোধ কৰাত ব্যর্থ হয় আৰক্ষী । এটা অংশৰ দাবী, ইয়াৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে জনতা । এটা সময়ত বেৰিকেড ভাঙি স্রোতৰ দৰে মানুহ প্ৰৱেশ কৰিব লয় ৰাজাপক্ষেৰ প্রাসাদত ।

সেই সময়ৰ ছবি বুলি সামাজিক মাধ্যমত বিয়পি পৰা কিছুমান ভিডিঅ’ত দেখা গৈছে, বিক্ষোভকাৰীসকলৰ কিছুসংখ্যকে ৰাজাপক্ষেৰ প্রাসাদৰ ছুইমিং পুলত কিছুসংখ্যকে আকৌ ভিৰ কৰিছে ৰন্ধনশালীত ।

জীৱনত দেশবাসীক ইমান ঐক্যবদ্ধ দেখা নাই । টুইট কৰি মন্তব্য কৰে শ্রীলংকাৰ বিশ্বকাপজয়ী দলৰ অন্যতম সদস্য ছনৎ জয়সূর্য‌ই ।

ৰাজাপক্ষেৰ পদত্যাগ বিচাৰি বিবৃতি দিছে তেওঁৰ দলৰেই ১৬ জন এমপি-য়ে । প্রধানমন্ত্রী ৰনিল বিক্রমাসিংহেয়ে মন্ত্রীসভাৰ জৰুৰী বৈঠক আহ্বান কৰিছে । বিক্ষোভৰ জুই এতিয়া সমগ্ৰ শ্ৰীলংকাতে জ্বলিছে ।

Exit mobile version