তৃতীয় সৰ্বাধিক নিবনুৱাৰ ৰাজ্য অসম

arton6487

ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ উচ্চ হাৰে অসমত কৰ্মসংস্থাপনহীনতাৰ উদ্বেগজনক পৰিস্থিতি পুনৰ স্পষ্ট কৰিছে । নিবনুৱাক সংস্থাপনৰ বাবে যে কাৰ্যকৰী কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই সেয়া ইয়াৰ দ্বাৰাই উন্মোচিত হৈছে । চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি (চি এম আই ই)ৰ শেহতীয়া তথ্য‌ই অসমৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ছবিখন আকৌ এবাৰ প্ৰকট কৰিছে । শেহতীয়াকৈ সংস্থাটোৱে , প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতত যোৱা জুনত নিবনুৱাৰ হাৰ আছিল ৭.৮ শতাংশ । ৰাষ্ট্ৰীয় এই হাৰৰ বিপৰীতে অসমৰ হাৰ হ’ল ১৭.২ শতাংশ । অসমৰ এই হাৰ দেশৰ ৰাজ্যবোৰৰ ভিতৰতে অন্যতম সৰ্বাধিক ।

তালিকা অনুসৰি জুনত সৰ্বাধিক নিবনুৱাৰ হাৰ আছিল হাৰিয়ানাত । ৩০.৬ শতাংশৰে শীৰ্ষত আছিল উত্তৰ ভাৰতৰ ৰাজ্যখন । ইয়াৰ পাছতে ৰাজস্থানৰ হাৰ ২৯.৮ শতাংশ । এই দুখন ৰাজ্যৰ পাছতে তালিকাৰ তৃতীয় স্থানত আছে অসম । ইয়াৰ বিপৰীতে নিবনুৱাৰ আটাইতকৈ কম হাৰৰ ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ । ৰাজ্যখনৰ হাৰ হ’ল ০.৫ শতাংশ । তাৰপাছতে ০.৮ শতাংশৰে কম নিবনুৱাৰ তালিকাৰ দ্বিতীয় স্থানত আছে পুডুচেৰি । তালিকাৰ তৃতীয় স্থানত যৌথভাৱে আছে ছত্তিশগঢ় আৰু ওড়িছা ।

যোৱা জুনত ৰাজ্য দুখনৰ নিবনুৱাৰ হাৰ আছিল ১.২ শতাংশ । প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যোৱা জুনত ভাৰতত নিবনুৱাৰ গড় হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি হয় । প্ৰায় এক কোটি ৩০ লাখ লোকে জুনত কৰ্মসংস্থাপন হেৰুৱায় । ইয়াৰে অধিকাংশ লোকেই কৃষিখণ্ডৰ লগত জড়িত । সেইবাবে গ্ৰামাঞ্চলৰ নিবনুৱাৰ হাৰ জুনত ৮.৩ শতাংশলৈ বৃদ্ধি পায় । মে’ত সেই হাৰ আছিল ৬.৬২ শতাংশ । গ্ৰামাঞ্চলৰ বিপৰীতে নগৰ অঞ্চলত পৰিৱেশ সামান্য উন্নত হ‌য় । মে’ত ভাৰতত নগৰীয়া নিবনুৱাৰ হাৰ আছিল ৭.১২ শতাংশ । জুনত সেই হাৰ ৭.৩ শতাংশলৈ বৃদ্ধি হয় ।

প্ৰতিবেদনত মন্তব্য কৰা হৈছে যে ক’ভিডৰ কোনো প্ৰতিবন্ধকতা নথকা এটা মাহত নিবনুৱাৰ হাৰ এনেদৰে বৃদ্ধি হোৱাটো যথেষ্ট লক্ষ্যণীয় । চি এম আই ইৰ পৰিচালন সঞ্চালক মহেশ ব্যাসে ভাৰতৰ সামগ্ৰিক পৰিৱেশৰ সন্দৰ্ভত মন্তব্য কৰে যে জুনত দৰমহাভোগী চাকৰিত স্পৰ্শকাৰকতাৰ এক ছবিও পোহৰলৈ আহে ।

Exit mobile version