Covid Update : ক’ভিড আপডেট

233611 corona wave

বিগত সপ্তাহত ক’ভিডত দৈনিক সংক্রমিতৰ সংখ্যা বৃদ্ধি পাই ১৮ হেজাৰৰ ঘৰ অতিক্ৰম কৰিলেও সোমবাৰৰ পৰা দৈনিক আক্রান্তৰ লেখচিত্র নিম্নমুখী । সোমবাৰে দেশজুৰি দৈনিক সংক্রমিতৰ সংখ্যা আছিল ১৬,৬৭৮ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা আৰু কমি হ’ল ১৩,৬১৫ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ১৩,২৬৫ জন । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ২৯ লাখ ৯৬ হেজাৰ ৪২৭ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫০ শতাংশ ।

ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ তালিকাত পশ্চিমবংগক পিছ পেলাই শীর্ষত কেৰালা । কেৰালাত দৈনিক সংক্রমিতৰ সংখ্যা ২,৫৩২ । তামিলনাডুত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈছে ২,৪৪৮ । পশ্চিমবংগত সোমবাৰে দৈনিক আক্রান্তৰ সংখ্যা তিনি হেজাৰৰ ওচৰা-ওচৰি হ’লেও বিগত ২৪ ঘণ্টাত এই সংখ্যা কমি হৈছে ১,৯১৫ । ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (১,১৮৯), কর্নাটক (৬৭৬) আৰু উৰিষ্যা (৫৭২) ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যাও সামান্য কমিছে । দেশত ২৪ ঘণ্টাত মৃত্যু হৈছে ২০ জনৰ । ইয়াৰ ভিতৰত কেৰালা আৰু পশ্চিমবংগত তিনিজন লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । তদুপৰি মহাৰাষ্ট্র, হাৰিয়ানা, বিহাৰ, ৰাজস্থানত দুজন আৰু ছিকিম, হিমাচল প্রদেশ, পঞ্জাৱ, মধ্যপ্রদেশ, ছত্তীছগঢ় আৰু কর্নাটকত এজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । সোমবাৰে ক’ভিডত আক্রান্ত হৈ এই সংখ্যা আছিল ২৬ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৫ হেজাৰ ৪৭৪ ।

বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ কমি হ’ল ৩.২৩ শতাংশ । সোমবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৫.৯৯ শতাংশ । সমগ্ৰ ভাৰতত এই পর্যন্ত ১৯৯ কোটি ৫৯ হেজাৰ ৫৩৬ টিকাকৰণ হৈছে ।

Exit mobile version