Attempt to Murder : স্থানীয় ভাষাত কথা পতাৰ ‘অপৰাধ’ত কিশোৰক শ্ৰেণীকোঠাতেই জীৱন্ত জ্বলালে সহপাঠীয়ে !

1657701026 fire

বিদ্যালয়ত স্থানীয় ভাষাত কথা পাতিছিল কিশোৰে, সেই ‘অপৰাধ’ত তাৰ গাত জুই লগাই হত্যা কৰাৰ চেষ্টাৰ অভিযোগ উঠিল বিদ্যালয়ৰ দুই সহপাঠীৰ বিৰুদ্ধে । ছাত্রৰ পৰিয়ালবৰ্গ‌ই জনাইছে যে, কিছু সপ্তাহ মৃত্যুৰ স’তে যুঁজাৰ পাছত কিশোৰজন ঘৰলৈ উভতি আহিছে। ঘটনাটো সংঘটিত হৈছে মেক্সিকোৰ কোৱেৰেতাৰো প্রদেশত ।

আৰক্ষী সূত্রে খবৰ, অ’টোমি জাতিৰ হোৱাৰ বাবে ১৪ বছৰীয়া হুৱান জেমোৰানোৱে বিদ্যালয়ত জাতিবিদ্বেষৰ বলি হ’বলগীয়া হয় । অভিযোগ, প্রায়েই সহপাঠীসকলে তাৰ জাতিক লৈ নানা ধৰণৰ উত্ত্যক্ত কৰি আহিছে । জেমোৰানোৰ পৰিয়ালৰ আৰু অভিযোগ, কেৱল সহপাঠীসকলেই নহয়, শিক্ষয়িত্ৰীয়েও জাতি লৈ নানাভাৱে কটাক্ষ কৰিছিল ।

আৰক্ষীয়ে জনাইছে, অভিযুক্ত দুই ছাত্র‌ই জেমোৰানোৱে বহা আসনত সুৰ ঢালি দিয়ে । জেমোৰানোৱে সেই আসনত বহাত তাৰ ট্রাউজাৰ সুৰাত তিতি যায় । অভিযোগ, ইয়াৰ পাছতেই দুই সহপাঠীৰ এজনে জেমোৰানোৰ গাচ জুই লগাই দিয়ে । গুৰুতৰ অৱস্থাত জেমোৰানোক উদ্ধাৰ কৰি হাস্পাতালত প্ৰেৰণ কৰা হয় । শৰীৰৰ প্রায় ৫০ শতাংশ জ্বলি গৈছিল জেমোৰানোৰ ।

ইয়াৰ পাছতেই বিদ্যালয় কর্তৃপক্ষ আৰু দুই ছাত্রৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে জেমোৰানোৰ পৰিয়ালে ।

জেমোৰানোৰ মাতৃভাষা অ’টোমি হ’লেও সি সেই ভাষাত কথা ক’ব নিবিচাৰে । কিয়নো, এই ভাষাত কথা ক’লে তাক স্কুলত উপহাস কৰা হৈছিল । আনকি জাতিক লৈও অপমান কৰা হৈছিল বুলি দাবী জেমোৰানোৰ পৰিয়ালৰ অধিবক্তা আর্নেষ্টো ফ্রেংকোৰ ।

Exit mobile version