Free COVID Booster : শুকুৰবাৰৰ পৰা ১৮ ঊর্ধ্বৰসকলে লাভ কৰিব বিনামূলীয়া বুষ্টাৰ টিকা, সিদ্ধান্ত কেন্দ্রৰ

dc Cover cbr08qiigpm2d65fqvle97cn22 20220708015231.Medi

১৫ জুলাইৰ পৰা ১৮ বছৰৰ ঊর্ধ্বৰসকলক বিনামূলীয়াকৈ বুষ্টাৰ টিকা দিয়া হ’ব । দেশজুৰি কৰ’না সংক্রমণ বৃদ্ধিক লৈ শংকাজনক পৰিস্থিতিত বৃহৎ সিদ্ধান্ত ল’লে কেন্দ্রীয় চৰকাৰে । ১৫ জুলাইৰ পৰা আগন্তুক ৭৫ দিন পর্যন্ত বিনামূলীয়াকৈ দিয়া হ’ব বুষ্টাৰ টিকা । বুধবাৰে কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে । স্বাধীনতাৰ ৭৫তম বর্ষ উদ্‌যাপন উপলক্ষে এই সিদ্ধান্ত লৈছে কেন্দ্রীয় মন্ত্রীসভাই ।

মন্ত্রীসভাৰ বৈঠকৰ পাছত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে ঘোষণা কৰে, ‘‘স্বাধীনতাৰ ৭৫তম বর্ষৰ উদ্‌‌যাপন হৈছে দেশত । কেন্দ্রৰ আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ অধীনত বিনামূলীয়াকৈ বুষ্টাৰ টিকা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । ১৫ জুলাইৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ’ব । বিনামূল্যে বুষ্টাৰ টিকা লাভ কৰিব আগন্তুক ৭৫ দিন পর্যন্ত ।’’

সম্প্রতি প্রাপ্তবয়স্কসকলৰ বাবে কৰ’নাৰ দ্বিতীয় টিকা আৰু বুষ্টাৰ টিকাৰ মধ্যৱর্তী সময়ৰ ব্যৱধান কমাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে । নতুন নিয়ম অনুযায়ী, ১৮ৰ পৰা ৫৯ বছৰ বয়সৰ প্রাপ্তবয়স্কসকলে দ্বিতীয় টিকা লোৱাৰ ছমাহ পাছত বুষ্টাৰ টিকা ল’ব পাৰিব । সেই অনুযায়ী, ক’উইন এপতো প্রয়োজনীয় সাল-সলনি কৰা হৈছে । তাৰ পাছতেই বিনামূলীয়া বুষ্টাৰ টিকা দিয়াৰ ঘোষণা কৰিলে কেন্দ্র‌ই ।

Exit mobile version