COVID-19 : ক’ভিড আপডেট

covid testing

দেশ জুৰি পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ প্ৰকোপ । উদ্বেগ বঢ়াই দৈনিক সংক্রমণ ২০ হেজাৰৰ ঘৰ অতিক্ৰম কৰিল।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ সংক্রমিত হৈছে ২০ হেজাৰ ১৩৮ জন । যি বুধবাৰৰ তুলনাত ১৯ শতাংশ অধিক । বুধবাৰে এই সংখ্যা আছিল ১৬ হেজাৰ ৯০৬ ।

যদিও দৈনিক মৃত্যুৰ সংখ্যা সামান্য কমিছে । এদিনত কৰ’নাত মৃত্যু হৈছে ৩৮ জনৰ । বুধবাৰে দৈনিক মৃত্যুৰ সংখ্যা আছিল ৪৫ । ক’ভিডক পৰাস্ত কৰি এদিনত দেশত সুস্থ হৈছে ১৬ হেজাৰ ৪৮২ জন । সম্প্ৰতি মুঠ ৰোগীৰ সংখ্যা এক লাখ ৩৬ হেজাৰ ৭৬ । দৈনিক সংক্রমণৰ হাৰ ৫.১০ শতাংশ । সুস্থতাৰ হাৰ ৯৮.৫০ শতাংশ ।

Exit mobile version