বহিঃৰাজ্যত সন্ধানহীন শালবাৰীৰ ভকুৱামাৰীৰ তিনি শ্ৰমিক

দুই ঠিকাদাৰে কাম দিয়াৰ প্ৰলোভনেৰে লৈ গৈছিল ইটানগৰলৈ

WhatsApp Image 2022 07 16 at 8.46.49 PM

বহিঃৰাজ্যত সন্ধানহীন হৈছে অসমৰ তিনিগৰাকীকৈ শ্ৰমিক ৷ বিগত দুমাহ ধৰি সন্ধানহীন হৈ আছে বাগসাৰ শালবাৰীৰ ভকুৱামাৰীৰ শ্ৰমিক তিনিগৰাকী ৷ অৰুণাচলৰ ইটানগৰত কাম দিয়াৰ প্ৰলোভনেৰে আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ভকুৱামাৰীৰ দুই ঠিকাদাৰ ক্ৰমে আব্দুল মালেক আৰু সাহাদত আলীয়ে লৈ গৈছিল শ্ৰমিক তিনিগৰাকীক । শ্ৰমিক তিনিগৰাকীৰ দুমাহ ধৰি কোনো সন্ধান নোহোৱাত পৰিয়ালৰ লগতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ ভকুৱামাৰী অঞ্চলত ৷

শ্ৰমিক তিনিগৰাকী ভকুৱামাৰীৰ ৰুস্তম আলী(৪৪), জয়নাল আলী(৪৫) আৰু হিকমত আলী(৪৭) ৷ শ্ৰমিক কেইগৰাকীৰ পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, উল্লিখিত দুই ঠিকাদাৰে শ্ৰমিক কেইগৰাকীক লৈ যোৱাৰ পাছৰ পৰাই পৰিয়ালৰ লোকৰ স’তে কোনো ধৰণৰ যোগাযোগ ৰাখিবলৈ দিয়া নাই ৷ হঠাৎ কেতিয়াবা দুই ঠিকাদাৰে পৰিয়ালৰ লোকৰ মোবাইল ফোন যোগে Voice SMS প্ৰেৰণ কৰে যদিও শ্ৰমিক কেইগৰাকীক কথা-বতৰা পাতিবলৈ নিদিয়ে ৷

দুই ঠিকাদাৰৰ কথা-বতৰা, আচৰণত সন্দেহ কৰি এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে আৰক্ষী প্ৰশাসনৰ ওচৰত সহায় বিচাৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে শালবাৰী আৰক্ষী থানা আৰু আনন্দ বজাৰ আৰক্ষী চকীক অৱগত কৰিছে বুলি জানিবলৈ দিছে ৷

Exit mobile version