COVID-19 : ক’ভিড আপডেট

1591891981 375

দেশজুৰি বৃদ্ধি পাইছে কৰ’নাৰ উদ্বেগ । তিনি দিন ধৰি দেশত দৈনিক সংক্রমণ ২০ হেজাৰৰ ওপৰতেই আছে । শুকুৰবাৰে দৈনিক সংক্রমিতৰ সংখ্যা আছিল ২০,০৩৮ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা ২০,০৪৪ । ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ তালিকাত মহাৰাষ্ট্র আৰু কেৰালাক পিছ পেলাই শীর্ষত পশ্চিমবংগ । বিগত ২৪ ঘণ্টাত পশ্চিমবংগত দৈনিক আক্রান্তৰ সংখ্যা তিনি হেজাৰ অতিক্ৰম হৈছে ।

ক’ভিড বুলেটিন অনুযায়ী, পশ্চিমবংগত দৈনিক সংক্রমিতৰ সংখ্যা ৩,০৬৭ । কেৰালাতো সংক্রমণ তিনি হেজাৰৰ ওচৰা-ওচৰি । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ২,৯৭৯ । ই‌য়াৰ পাছতে আছে মহাৰাষ্ট্র (২,৩৭১), তামিলনাডু (২,৩১২) ও ওড়িছা (১,০৪৩) । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ সামান্য বাঢ়ি হ’ল ৪.৮০ শতাংশ । শুকুৰবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৪.৪৪ শতাংশ ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যাও বাঢ়িছে । দেশত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৬ জনৰ । ইয়াৰ ভিতৰত বিগত ২৪ ঘণ্টাত কেৰালাত ২৭ জ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । ইয়াৰ উপৰি মহাৰাষ্ট্রত ১০ জন, পশ্চিমবংগত পাঁচজন, হিমাচল প্রদেশ, উত্তৰ প্রদেশ আৰু গুজৰাটত দুজন আৰু ওড়িছা, কর্নাটক, তামিলনাডু, বিহাৰ , পঞ্জাৱ, অসম, ছিকিম আৰু উত্তৰাখণ্ডত এজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । শুকুৰবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ সংখ্যা আছিল ৪৭ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৫ হেজাৰ ৬৬০ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ১৮,৩০১ জন । এই পর্যন্ত দেশত সুস্থ হৈছে চাৰি কোটি ৩০ লাখ ৬৩ হেজাৰ ৬৫১ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৪৮ শতাংশ । দেশজুৰি এই পর্যন্ত ১৯৯ কোটি ৭১ লাখ ৬১ হেজাৰ ৪৩৮ টিকাকৰণ হৈছে ।

Exit mobile version