Flight : মাজ আকাশত বিমানত যান্ত্রিক ত্রুটি ! কৰাচিত জৰুৰীকালীন অৱতৰণ হায়দৰাবাদগামী বিমান

ec4fnt5o indigo a320neo

পুনৰ মাজ আকাশত বিমানত যান্ত্রিক ত্রুটি । ইণ্ডিগ’ৰ বিমান অৱতৰণ কৰিবলগীয়া হ’ল পাকিস্তানৰ কৰাচিত ।

দেওবাৰে ইণ্ডিগ’ৰ শ্বাৰজাহ-হায়দৰাবাদ বিমান কৰাচিৰ বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া হয় বুলি সংবাদ সংস্থা সূত্রে খবৰ । যান্ত্রিক ত্ৰুটিৰ বাবে পাইলটে এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে । বিমানত কি সমস্যা হৈছে, সেয়া পৰ্যবেক্ষণ কৰা হৈছে ।

ইণ্ডিগ’ৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হৈছে, ‘বিমানত যান্ত্রিক ত্রুটি পৰিলক্ষিত হোৱাৰ পাছতেই শ্বাৰজাহ-হায়দৰাবাদ বিমানখনত কৰাচিত অৱতৰণৰ সিদ্ধান্ত লয় পাইলটে ।’ বিমানৰ যাত্রীসকলক হায়দৰাবাদলৈ উভতাই আনিবলৈ অন্য এখন বিমান কৰাচিত প্ৰেৰণ কৰা হৈছে ।

ইয়াৰ স’তে বিগত দু’সপ্তাহত ভাৰতৰ দুখন বিমান জৰুৰী কাৰণত কৰাচি বিমানবন্দৰত অৱতৰণ কৰা হৈছে । যোৱা পাঁচ জুলাইত দিল্লী-ডুবাইগামী স্পাইছজেটৰ বিমান কৰাচি বিমানবন্দৰ নামিছিল । সেইবাৰো যান্ত্রিক সমস্যাৰ বাবে পাইলটে এই সিদ্ধান্ত লৈছিল ।

Exit mobile version