GST : দাম বাঢ়িব আটাৰ, পেকেটজাত খাদ্যত পাঁচ শতাংশ জিএছটি, হাস্পাতালত শয্যাৰ ব্যয় বৃদ্ধি

img

সোমবাৰৰ পৰা দাম বাঢ়িব আটা, পনিৰ, দৈৰ দৰে বেচ কিছু নিত্য প্রয়োজনীয় খাদ্যজাতৰ । লেবেল লগোৱা পেকেটজাত খাদ্যৰ ওপৰত নিৰ্ধাৰণ কৰা হৈছে পাঁচ শতাংশ পণ্য সেৱা কৰ (জিএছটি) । হাস্পাতালত যিসমূহ শয্যাৰ ভাৰা ৫০০০ টকা বা ততোধিক, সেইবোৰৰ ওপৰতো নিৰ্ধাৰণ কৰা হ’ব পাঁচ শতাংশ পণ্য সেৱা কৰ । জিএছটি কাউন্সিলৰ সিদ্ধান্ত সোমবাৰৰ পৰা কার্যকৰ কৰা হ’ব ।

হোটেলৰ ঘৰৰ ভাৰা ১০০০ টকা বা ততোধিক হ’লে, তাৰ ওপৰতো ১২ শতাংশ পণ্য সেৱা কৰ নিৰ্ধাৰণ কৰা হৈছে । সোমবাৰৰ পৰা মানচিত্র, চার্টৰ দামৰ ওপৰতো ১২ শতাংশ পণ্য সেৱা কৰ নিৰ্ধাৰণ কৰা হৈছে । টেট্রা পেক, বেংক চেকৰ যি দাম, তাৰ ওপৰত ১৮ শতাংশ পণ্য সেৱা কৰ নিৰ্ধাৰণ কৰা হৈছে ।

ছপা কৰা আৰু লিখা চিয়াঁহী, কাগজ কটা ছুৰি, পেঞ্ছিল জোঙা কৰা শ্বার্পনাৰ, এলইডি লেম্প, অংকন কৰা সামগ্ৰীৰ দামৰ ওপৰত সোমবাৰৰ পৰা ১৮ শতাংশ জিএছটি নিৰ্ধাৰণ কৰা হৈছে । সম্প্ৰতি এইবোৰৰ ওপৰত ১২ শতাংশ জিএছটি আছে । পানী গৰম কৰা হিটাৰ কিনিবলৈ আগতে পাঁচ শতাংশ পণ্য সেৱা কৰ দিবলগীয়া হৈছিল এইবাৰৰ পৰা ১২ শতাংশ কৰা হৈছে ।
পথ, সেতু, ৰেল, মেট্র’, শ্মশান নির্মাণ বা মেৰামতিৰ কামৰ চুক্তিৰ ওপৰতো পণ্য সেৱা কৰ ১২ শতাংশৰ পৰা বৃদ্ধি কৰি ১৮ শতাংশ কৰা হৈছে । সোমবাৰৰ পৰা নিৰ্ধাৰণ হ’ব এই কৰ ।

জুনৰ পৰা বেচ কিছু পণ্য আৰু সেৱাৰ ওপৰত কৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে জিএছটি কাউন্সিলে । বৈঠকত আছিল কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰামন আৰু ৰাজ্যৰ বিত্তমন্ত্রীসকল । মন্ত্রীগোষ্ঠীৰ (গ্রুপ অৱ মিনিষ্টাৰ্ছ) দিয়া অন্তৰ্বর্তী প্ৰতিবেদনৰ ভিত্তিত তালিকা তৈয়াৰ কৰা হৈছে, যিবোৰৰ ওপৰত পণ্য সেৱা কৰৰ পৰিমাণ বঢ়োৱা হৈছে ।

কিছু সামগ্ৰীৰ ক্ষেত্রত পণ্য সেৱা কৰ কমোৱা হৈছে । সোমবাৰৰ পৰা ট্রাক, মালবাহী বাহন ভাৰা কৰিবলৈ ১২ শতাংশ পণ্য সেৱা কৰ দিব লাগিব । পূৰ্বে এই কৰ ১৮ শতাংশ দিব লাগিছিল । বাগডোগৰা বিমানবন্দৰ আৰু উত্তৰ-পূৱ ভাৰতৰ কোনো স্থানত বিমানত যোৱাৰ খৰচ এইবাৰ আৰু কমিল । ভাৰাৰ ওপৰত পণ্য সেৱা কৰ দিব নালাগিব যাত্রীসকলে । অৱশ্যে ইকনমি ক্লাছৰ টিকিটৰ বাবে এই নিয়ম প্রযোজ্য ।

Exit mobile version