Sri Lanka Economic Crisis : তালিকাত পাকিস্তান, আর্জেন্টিনা ! শ্রীলংকাৰ দৰে অৰ্থ সংকটৰ সম্ভাৱনা প্রায় এক ডজন দেশত

2022 07

দেশৰ অর্থনীতি ভাঙি গ’লে কী হয়, সেয়া শ্রীলংকাৰ অৱস্থা দেখিলেই বুজা যায় । খাদ্য নাই, তেল নাই — ভাঙি পৰা ৰাজনৈতিক পৰিকাঠামো সমগ্ৰ বিশ্বৰ সন্মুখত শ্রীলংকা এটা উদাহৰণস্বৰূপ হৈ পৰিছে ।

শ্রীলংকাৰ স’তে এতিয়া প্রায় এক ডজন দেশ বিপর্যয়ৰ সন্মুখীন হৈছে । সংবাদ সংস্থা ৰয়টাৰ্ছে এটা প্রতিবেদনত এনে দেশসমূহক চিহ্নিত কৰি তেওঁলোকৰ অর্থনৈতিক দুৰৱস্থাৰ দিশ প্ৰকাশ্যত আনিছে । তেওঁলোকৰ বৈদেশিক ঋণ, মুদ্রাস্ফীতি এনে পর্যায়ত পাইছে যিয়ে ভৱিষ্যতৰ বাবে চৰম বিপদৰ ইংগিত দিছে । তালিকাত আছে আর্জেন্টিনা, ইউক্রেইন, ইজিপ্ত, কেনিয়া, ইথিউপিয়া, এল ছালভাদৰ, ইকুয়েডৰ, বেলাৰুছ, নাইজিৰিয়া, পাকিস্তানৰ দৰে দেশ ।

সমীক্ষাত পাকিস্তানক লৈ কোৱা হৈছে, সম্প্রতি ৰেকর্ড পৰিমাণে অবনমন হৈছে পাকিস্তানি মুদ্রাৰ । পাকিস্তানত তেল আমদানিৰ বোজা ইমানেই বাঢ়িছে যে সেই দেশৰ বৈদেশিক মুদ্রাৰ ভাণ্ডাৰো সংকটত আছে । এই অংক এতিয়া ইমানেই কম যে আগন্তুক পাঁচ সপ্তাহ পর্যন্ত আমদানি অব্যাহত ৰাখিব পাৰিব ইছলামাবাদে । পাকিস্তানৰ ৰাজহ আদায়ৰ ৪০ শতাংশ ঋণৰ সুদ দিওঁতেই খৰচ হৈ যায় । ফলত শ্বাহবাজ শ্বৰিফৰ নতুন চৰকাৰে খৰচ কমাব লাগিব বিৰাটভাৱে । যুদ্ধবিধ্বস্ত ইউক্রেইনৰ অর্থনৈতিক সংকটৰ কথাও দাঙি ধৰা হৈছে প্ৰতিবেদনত । কোৱা হৈছে, ৰাছিয়াক সহযোগ কৰা বেলাৰুছেও পশ্চিমীয়া দেশৰ কোপ দৃষ্টিত পৰিব লাগিব ।

Exit mobile version