Uttar Pradesh : আৱৰ্জনাৰ গাড়ীত মোদী-যোগীৰ ছবি ! চাকৰি গ’ল উত্তৰ প্রদেশৰ চাফাইকর্মচাৰীৰ

modi yogi garbage

আৱৰ্জনা কঢ়িওৱা গাড়ীত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ ছবি ৰখাৰ ‘অপৰাধ’ত উত্তৰ প্রদেশত চাকৰি গ’ল এগৰাকী চাফাইকর্মীৰ । সম্প্রতি সামাজিক মাধ্যমত বিয়পি পৰা এটা ভিডিঅ’ত এই ঠিকাকর্মীচাৰীক আৱৰ্জনাৰ গাড়ীত মোদী-যোগীৰ ছবি লগোৱা দেখা গৈছে । সেই ভিডিঅ’ক লৈ হুলস্থূল আৰম্ভ হ‌ওঁতেই সংশ্লিষ্ট ঠিকাকর্মচাৰীজনক কামৰ পৰা অব্যাহতি দিলে মথুৰা-বৃন্দাবন নগৰ নিগমে ।

প্রকাশ্যত অহা ভিডিঅ’ত দেখা গৈছে, আৱৰ্জনাৰ গাড়ী লৈ পথেৰে গৈছে চাফাইকর্মীজন । সেই সময়ত স্থানীয় কিছু লোকে তেওঁক ৰখাই আৱৰ্জনাৰ গাড়ীৰ পৰা মোদী আৰু যোগীৰ ছবি উলিয়ায় আনে । ভিডিঅ’ত এজন স্থানীয়ক কোৱা শুনিবলৈ পোৱা যায়, ‘‘গাড়ীততো আব্দুল কালামৰো ছবি আছে ।’’ প্রধানমন্ত্রী আৰু ৰাজ্যৰ মুখ্যমন্ত্রীৰ ছবি ক’ৰ পৰা পালে তেওঁ ? স্থানীয়সকলৰ এই প্রশ্নৰ উত্তৰত চাফাইকর্মীজনে কয়, ‘‘মোৰ কোনো দোষ নাই । জাবৰৰ দমত ছবিবোৰ পৰি আছিল । ম‌ই তুলি আনিছো ।’’

এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতেই তৎপৰ হৈ ঠিকাকর্মচাৰীজনক কামৰ পৰা নিলম্বন কৰে নগৰ নিগম কর্তৃপক্ষই । নগৰ নিগমৰ অতিৰিক্ত কমিছনাৰ সত্যেন্দ্রকুমাৰ তিৱাৰিয়ে কয়, ‘‘আমি খবৰ পায়েই দ্রুত পদক্ষেপ লৈছো । ঠিকাকর্মচাৰীজনক নিলম্বন কৰা হৈছে ।’’

Exit mobile version