জুৰীয়াত ভয়াৱহ অগ্নিকাণ্ড

আঠখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ভষ্মীভূত, কোটি টকাৰ সম্পত্তি জুইত জাহ

Large bonfire

জুৰীয়া বজাৰৰ মাজমজিয়াত আজি সন্ধিয়া সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত আঠখনকৈ ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায় । জুৰীয়া বজাৰৰ মজনু নামৰ হোটেলখনত প্ৰথমে জুইৰ সূত্ৰপাত ঘটে ।পাছত জুইৰ লেলিহান শিখাই নিমিষতে আঠখনকৈ দোকান আগুৰি ধৰাত সম্পূৰ্ণভাৱে ভষ্মীভূত হয় বৃহৎ ব্যৱসায়িক প্ৰতিস্থাপন কেইখন ।

ADVERTISEMENT

অগ্নিকাণ্ডৰ ফলত প্ৰায় কোটি টকাৰ সম্পত্তি জুইত জাহ যায় । ইফালে, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ উপস্থিত হোৱাত ৰাইজ উত্তপ্ত হৈ পৰে ।ক্ষোভিত ৰাইজ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীত শিলগুটি দলিয়াই আক্ৰমণ কৰে । ৰাইজৰ ৰুদ্ৰমুৰ্তি দেখি প্ৰথমতে অহা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পাছত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত নগাঁৱৰ পৰা দ্বিতীয়খন অগ্নিনিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও শ্ব’ৰ্ট চাৰ্কিতৰ ফলতেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ।

Exit mobile version