ধেমাজি জিলাৰ অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যে আৰক্ষী-প্ৰশাসনৰ গুৰুত্বপূৰ্ণ যৌথ সভা

ড্ৰাগছৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান, ফাৰ্মাচীসমূহতো চোকা দৃষ্টি

WhatsApp Image 2022 07 18 at 4.53.28 PM

ধেমাজি জিলাত পথ-দুৰ্ঘটনা আৰু অপৰাধজনিত ঘটনা ৰোধ কৰিবৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ বিভিন্ন বিভাগৰ মাজত সমন্বয় সাধনৰ উদ্দেশ্য আজি এখন গুৰুত্বপূৰ্ণ সভা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম আৰক্ষীৰ পূৰ্বাঞ্চল মণ্ডলৰ মহা পৰিদৰ্শক জিৎমল দলে, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, অতিৰিক্ত উপায়ুক্ত উৎপল দলেৰ উপৰি যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা পৰিবহন বিষয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ), উপ আৰক্ষী অধীক্ষক (সদৰ), চক্ৰ পৰিদৰ্শক সকল আৰু সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদি উপস্থিত থাকে ।

সভাত অবৈধ ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ইয়াৰ উৎস আৰু সৰবৰাহ হোৱা পথসমূহত চোকা দৃষ্টি ৰখাৰ বাবে সকলো থানাকে সৰ্তক কৰি দিয়া হয় । এনে ড্ৰাগছৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলাৰ পোষকতা কৰা হয় । তদুপৰি ড্ৰাগছৰ ব্যৱহাৰত নাকি লগোৱাৰ উদ্দেশ্যে জিলাখনৰ ফাৰ্মাচীসমূহৰ পৰা ছিৰিঞ্জ আদি বিক্ৰীৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিবলৈ সভাই পৰামৰ্শ আগবঢ়াই জিলাৰ ঔষধ পৰিদৰ্শকক সঘনাই ফাৰ্মাচীসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, এই ক্ষেত্ৰত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ যুটীয়া অভিযান চলোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । অৰুণাচলী সুৰাৰ অবৈধ বেহা সম্পূৰ্ণৰূপে প্ৰতিহত কৰাৰ বাবেও আৰক্ষী আৰু আবকাৰী বিভাগক নিৰ্দেশ দিয়া হয় । সভাত  পথ-দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয় । সেই উদ্দেশ্যে পৰিবহন আৰু যান-বাহন আৰক্ষীক যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰা, মটৰ চাইকেলৰ দুয়োজন আৰোহীয়ে হেলমেট পৰিধান কৰাটো নিশ্চিত কৰা আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা আদি সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তদুপৰি চলি থকা সকলো ই-ৰিক্সা পঞ্জীয়নৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু পূৰ্ব পঞ্জীয়ন অবিহনে যাতে কোনো ই-ৰিক্সা বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল’বলৈ জিলা পৰিবহন বিষয়া আৰু যান-বাহন পৰিদৰ্শকক নিৰ্দেশ দিয়া হয় ।

Exit mobile version