COVID-19 : ক’ভিড আপডেট

210501004308 01 0430 india coronavirus super 169

চাৰি দিন দেশজুৰি দৈনিক সংক্রমণৰ সংখ্যা ২০ হেজাৰৰ ওপৰত থাকিলেও বিগত ২৪ ঘণ্টাত এই সংখ্যা কমি ১৭ হেজাৰৰ ঘৰত আছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, সোমবাৰে দেশত দৈনিক আক্রান্তৰ সংখ্যা ১৬,৯৩৫ । ৰাজ্যভিত্তিক ক’ভিডৰ সার্বিক পৰিস্থিতি লক্ষ কৰিলে দেখা যায়, দেশত দৈনিক সংক্রমণৰ তালিকাত এতিয়াও শীর্ষত পশ্চিমবংগ । বিগত ২৪ ঘণ্টাত পশ্চিমবংগত দৈনিক আক্রান্তৰ সংখ্যা ২,৬৫৯ । ইয়াৰ পাছতে আছে কেৰালা (২,৬০৪), তামিলনাডু (২,৩১৬), মহাৰাষ্ট্র (২,১৮৬) আৰু কর্নাটক (৯৪৪) ।

বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ৬.৪৮ শতাংশ । দেওবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৫.২৩ শতাংশ ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৫১ জনৰ । ইয়াৰ ভিতৰত কেৰালাতেই মৃত্যু সর্বোচ্চ । বিগত ২৪ ঘণ্টাত কেৰালাত ২৯ জন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । ইয়াৰ উপৰি পশ্চিমবংগত পাঁচজন, উত্তৰ প্রদেশ, মহাৰাষ্ট্র আৰু অসমত তিনিজন আৰু দিল্লী, কর্নাটক, তামিলনাডু, পঞ্জাৱ, ছত্তীছগঢ়, মণিপুৰ, ছিকিম আৰু নাগালেণ্ডত এজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । দেওবাৰে ক’ভিডত আক্রান্ত হৈ এই সংখ্যা আছিল ৪৯ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৫ হেজাৰ ৭৬০ ।

১৮ মাহৰ ভিতৰত টিকাকৰণৰ ক্ষেত্রত ২০০ কোটিৰ মাইলফলক অতিক্ৰম কৰিলে ভাৰতে । দেশজুৰি এই পর্যম্ত ২০০ কোটি চাৰি লাখ ৬১ হেজাৰ ৯৫ টিকাকৰণ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডৰ প্রকোপৰ পৰা সুস্থ হৈছে ১৬,০৬৯ জন । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩০ লাখ ৯৭ হেজাৰ ৫১০ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৪৭ শতাংশ ।

Exit mobile version