Wildfire : তীব্র বনজুইত জ্বলিছে ইউৰোপ আৰু আফ্রিকাৰ একাংশ

jpg

ইউৰোপ আৰু আফ্রিকাৰ একাংশত তীব্র বনজুই । আক্ষৰিক অর্থেই ! দাবানলৰ গ্রাসত ইখনৰ পাছত সিখন অৰণ্য ।

এই পর্যন্ত পতুর্গাল, স্পেইন, ফ্রান্স, গ্রিছৰ দৰে ইউৰোপীয় দেশত দাবানলত ভস্মীভূত সহস্ৰাধিক একৰ । উত্তৰ আফ্রিকাৰ মৰক্কোৰ একাংশতো জ্বলিছে জুই ।

দাবানল নোমাবলৈ যুদ্ধকালীন তৎপৰতাত কামত লাগিছে দক্ষিণ-পশ্চিম ইউৰোপৰ এই চাৰি দেশৰ লগতে মৰক্কোৰ অগ্নিনিৰ্বাপক বাহিনী । অৱশ্যে পশ্চিমীয়া সংবাদমাধ্যমৰ দাবী, জুইয়ে গ্রাস কৰিছে ১০ সহস্ৰাধিক হেক্টৰ অঞ্চলৰ গছপুলি । মৃত্যু হৈছে শতাধিক পশু-প্রাণীৰ ।

চলিত গ্রীষ্মত পর্তুগাল আৰু স্পেইনত এইটো দ্বিতীয় বনজুই । পর্তুগালত তাপমাত্রাৰ পাৰদ চুইছে ৪৭ ডিগ্রী ছেলচিয়াছ । স্পেইনত ৪৫ ডিগ্রী ছেলচিয়াছ ।

বনজুই সমস্যা সমাধান কৰিবলৈ পর্তুগাল আৰু স্পেইনৰ অৰণ্য সংলগ্ন সহস্ৰাধিক স্থানীয় বাসিন্দাক নিৰাপদ আশ্রয়ত স্থানান্তৰো কৰা হৈছে ।

পর্তুগালত সম্প্ৰতি এই ‘জ্বলন্ত’ সমস্যাৰ পৰা মুক্তি পোৱাৰ আশা নাই । সেই দেশৰ বতৰ বিজ্ঞান বিশেষজ্ঞসকলৰ পূর্বাভাস, আগন্তুক সপ্তাহৰ আগমুহূৰ্তলৈ পর্তুগালৰ তাপমাত্রা ৪২ ডিগ্রী ছেলচিয়াছৰ তলতেই নানামে ।

চলিত বছৰৰ আৰম্ভণিৰ পৰা জুনৰ মাজভাগ পর্যন্ত পর্তুগালৰ ৯৮,০০০ একৰ ভূমি দাবানলত ভস্মীভূত হৈছে বুলি জনাইছে ইনষ্টিটিউট ফৰ দ্য কনজাৰভেছন অৱ নেচাৰ এণ্ড ফৰেষ্টছে । যি বিগত বছৰৰ তুলনাত প্রায় তিনি গুণ ।

পর্তুগালৰ দৰেই অৱস্থা স্পেইনৰো । জুইৰ ফলত দেশজুৰি সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ‌ই । স্পেইনৰ কিছুসংখ্যক অঞ্চলত তাপমাত্রাৰ পাৰদ ৪৪ ডিগ্রী ছেলচিয়াছ পর্যন্ত উঠিব পাৰে বুলি জনোৱা হৈছে ।

স্পেইনত জুইৰ ফলত ক্ষয়ক্ষতি নিয়ন্ত্ৰণ কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ লগতে দেশৰ সেনাবাহিনীৰ ৬০০টাৰো অধিক জৰুৰীকালীন ইউনিটক কামত লগোৱা হৈছে । কেৱল উত্তৰ-পশ্চিম অঞ্চলতেই ৩,৬০০ হেক্টৰ ভূমি জুইৰ গ্রাসত আহিছে । স্পেইনৰ বহু অঞ্চলত হেলিকপ্টাৰৰ সহায়ত পানী ঢালি জুই নোমোৱাৰ কামত নামিছে অগ্নিনিৰ্বাপক বাহিনী ।

ফ্রান্সৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ২৭,০০০ একৰ অঞ্চলত জুই সম্প্ৰসাৰিত হৈছে বুলি জনাইছে সংবাদ সংস্থা ৰয়টাৰ্ছে । দেওবাৰে বিয়লি এই অঞ্চলৰ ১৪ হেজাৰৰো অধিক বাসিন্দাক অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

স্পেইন, ফ্রান্সৰ পাছত এইবাৰ ব্রিটেইনৰো জুই সম্প্ৰসাৰিত হোৱাৰ শংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞানীসকলে । গ্রিছ, মৰক্কোৰ উপৰিও চলিত সপ্তাহত ক্রোয়েছিয়া আৰু হাংগেৰীতো দাবানল সম্প্ৰসাৰিত হৈছে ।

দাবানলৰ ফলত ক্ষয়ক্ষতিৰ উপৰিও তীব্র বনজুইত কেৱল স্পেইনতেই পাঁচ দিনত (১০-১৫ জুলাই) ৩৬০ জনে প্রাণ হেৰুৱাইছে বুলি জনাইছে স্পেইনৰ এটা চিকিৎসাকেন্দ্র‌ই ।

Exit mobile version