দুই অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়

mission basundhara

অসম চৰকাৰে ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায় সামগ্ৰিকভাৱে সফল হ’লেও ৰাজ্যৰ বহু কেইখন জিলাত একাংশ বিষয়া-কৰ্মচাৰীৰ গাফিলতিত প্ৰাপ্য ন্যায়ৰ পৰা বঞ্চিত হ’ল বহু আবেদনকাৰী । অহা দুই অক্টোবৰৰ পৰা ৰাজ্য চৰকাৰে মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিবলৈ আগবঢ়াৰ সময়ত পোহৰলৈ আহিছে এই তথ্য । মিছন বসুন্ধৰাত বিতৰ্কহীন তথা বশেষ জটিলতা নথকা ভূমি সম্পৰ্কীয় বিষয়বোৰৰ সমাধানত অগ্ৰাধিকাৰ দিয়া হয় ।

অথচ প্ৰথম পৰ্যায়ত এনে বহু আবেদনৰ ফলাফল নোলাল, যিবোৰৰ কোনো ধৰণৰ জটিলতা নাছিল । নামজাৰিৰ পৰা ভূমিৰ ম্যাদী পট্টালৈকে সকলোতে একাংশ কৰ্মচাৰীৰ গাফিলতিত আবেদনকাৰীসকল আঁচনিখনৰ সুফল লাভৰ পৰা বঞ্চিত হয় । সেয়েহে কি কাৰণত এনে হ’বলৈ পালে তাৰ উত্তৰ চৰকাৰে বিচাৰিছে ৰাজহ বিভাগৰ পৰা ।

উল্লেখ্য যে মিছন বসুন্ধৰাত ৮,১৩,৯৮১খন আবেদন দাখিল হৈছিল । তাৰে ৫,৮২,৬৬৮খনৰ সমস্যাৰ সমাধান কৰা হয় । ভূমি সম্পৰ্কীয় লাখ লাখ আবেদন ৰাজহ বিভাগৰ বিভিন্ন কাৰ্যালয়ত বছৰ বছৰ ধৰি কোনো বিচাৰ নোহোৱাকৈ পৰি আছে । তাৰে যিবোৰৰ বিশেষ জটিলতা নাই, সেইবোৰৰ অগ্ৰাধিকাৰ দি গ্ৰহণ কৰা প্ৰকল্পটোতো একমাত্র বিষয়া‍-কৰ্মচাৰীৰ গাফিলতিতে এনে পৰিস্থিতিৰ সৃষ্টি হয় । কিয় এনে হ’বলৈ পালে তাক লৈ চৰকাৰৰ মজিয়াতো আলোচনা চলিছে ।

প্ৰসংগক্ৰমে ৰাজহ বিভাগৰ সূত্ৰই সদৰী কৰে যে পূব আৰু উত্তৰ পশ্চিম অসমত বসুন্ধৰাৰ অধীনত কৰা আবেদনৰ সৰ্বাধিক সংখ্যক সমস্যাৰ সমাধান কৰা হয় । তাৰ বিপৰীতে মধ্য আৰু পশ্চিম অসমত আবেদনৰ সমস্যাৰ সমাধান সন্তোষজনক নহয় । ইয়াৰ কাৰণ পশ্চিম আৰু মধ্য অসমত সতি-সন্ততিৰ মাজত ভূমি বিবাদ অধিক বুলি সূতটোৱে জনায় । কিন্তু কেৱল এইটোৱেই কাৰণ নহয় বুলিও সূত্ৰটোৱে উল্লেখ কৰে । গাফিলতিৰ বাবেও এই পৰিস্থিতিৰ উদ্ভৱ হয় ।

Exit mobile version