COVID-19 : ৪২ দিনত তিনি গুণ ক’ভিড বৃদ্ধি ইউৰোপত, দ্বিগুণ হাস্পাতালত ভর্তিৰ সংখ্যা, সতর্কবাণী হু-ৰ

shutterstock 1808630479 h2

ইউৰোপত ক্রমশ আৰু বাঢ়িছে কৰ’না সংক্রমণ । বিগত ছয় সপ্তাহত ইউৰোপত কৰ’না সংক্রমণৰ পৰিমাণ তিন গুণ বৃদ্ধি পাইছে । মঙলবাৰে এই উদ্বেগজনক তথ্য জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই (হু) । হাস্পাতালত ভর্তিৰ সংখ্যাও দ্বিগুণ হৈছে । অৱশ্যে ইনটেনছিভ কেয়াৰত ভর্তিৰ সংখ্যা এতিয়াও কম ।

নতুনকৈ গা কৰি উঠিছে কৰ’না সংক্রমণ । বিশ্ব জুৰি প্ৰায় প্ৰতি দিনেই বৃদ্ধি পাইছে ক’ভিড সংক্রমণ । সৰ্বাধিক শোচনীয় অৱস্থা ইউৰোপত । হু সূত্রে খবৰ, সমগ্ৰ বিশ্বৰ সম্প্ৰতি কৰ’না আক্রান্তৰ অধিকাংশ‌ই ইউৰোপৰ ।

মঙলবাৰে হু-ৰ ইউৰোপৰ ডিৰেক্টৰ হান্স ক্লুজে জনসাধাৰণক সতর্ক থাকিবলৈ আৰু কৰ’নাবিধি যথাযথভাৱে পালন কৰিবলৈ আবেদন জনায় । তেওঁ কয়, ‘‘অত্যন্ত সংক্রামক অ’মিক্রন ৰূপক কোনো কাৰণতেই অৱজ্ঞা কৰিব নোৱাৰি । কাৰণ পৰৱর্তী সময়ত ই ‘লং ক’ভিড’-ত পৰিণত হ’ব পাৰে ।

Exit mobile version