Labourers missing : অৰুণাচলত চীন সীমান্তৰ কাষত সন্ধানহিন অসমৰ ১৯ জন প্ৰব্ৰজনকাৰী শ্রমিক

পুনৰ অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ কাষত কাম কৰিবলৈ গৈ সন্ধানহিন হোৱাৰ ঘটনা সংঘটিত হ’ল । এইবাৰ একেলগে ১৯ জন প্ৰব্ৰজনকাৰী শ্রমিকৰ কোনো সন্ধান পোৱা নাই । ঘটনাটো সংঘটিত হৈছে ৰাজধানী ইটানগৰৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত অৰুণাচলৰ কুৰুং কুমে জিলাত । সেই স্থানৰ পৰা চীনৰ স’তে প্রকৃত নিয়ন্ত্রণ ৰেখাৰ দূৰত্ব নিচেই কম ।

অসমর্থিত সূত্রৰ দাবী, কুমে নদীৰ ধাৰত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । সেইটো শ্রমিকসকলৰেই কোনো এজনৰ মৃতদেহ নেকি সেয়া পৰ্যবেক্ষণ কৰিবলৈ আৰক্ষীৰ এটা দল প্ৰেৰণ কৰা হৈছে । কিন্তু সংবাদ সংস্থা সূত্রে খবৰ, সেই দল এতিয়াও ঘটনাস্থলত গৈ পোৱা নাই ।

যোৱা ১৩ জুলাইত স্থানীয় থানাত ওই নির্মাণকাৰ্যৰ আবণ্টন পোৱা ঠিকাদাৰে অভিযোগ দাখিল কৰিছিল । তাৰ পৰা জানিব পৰা গৈছে, পথ নিৰ্মাণ কাৰ্যত অসমৰ পৰা ১৯ জন প্ৰব্ৰজনকাৰী শ্রমিকক অৰুণাচললৈ লৈ যোৱা হৈছিল । কিন্তু তেওঁলোকৰ কাকো ঈদৰ ছুটি দিয়া হোৱা নাছিল । যোৱা পাঁচ জুলাত শ্রমিকসকলে শিবিৰ এৰি পলাই যায় বুলি ঠিকাদাৰৰ দাবী । তাৰ পাছৰ পৰাই তেওঁলোকৰ কোনো সন্ধান পোৱা নাই ।

আৰক্ষীৰ একাধিক দল গঠন কৰি তালাচী অভিযান আৰম্ভ কৰিছে । অৱশ্যে এতিয়াও ১৯ জনৰ কোনো সন্ধান পোৱা নাই । ৰাজ্যত নিখোজ শ্রমিকসকলৰ পৰিয়ালবৰ্গ‌ইও উদ্বিগ্নতাৰে দিন কটাইছে ।

Exit mobile version