Margaret Alva : উপৰাষ্ট্রপতি পদত মনোনয়ন দাখিল বিৰোধী প্রার্থী মার্গাৰেটৰ

1658217323 margaret new

উপৰাষ্ট্রপতি নির্বাচনত বিৰোধী দলৰ প্রার্থী হিচাপে মনোনয়নপত্র দাখিল কৰিলে মার্গাৰেট আলভাই । তেওঁৰ স’তে আছিল ৰাহুল গান্ধী, শৰদ পাৱাৰ, সীতাৰাম ইয়েচুৰি, মল্লিকার্জুন খড়্গেৰ জৰে বিৰোধী নেতাসকল ।

অহা ছয় আগষ্টত দেশৰ উপৰাষ্ট্রপতি নির্বাচন । এইবাৰ এই নির্বাচনত এনডিএ দলৰ প্রার্থীত্ব দিয়া হৈছে জগদীপ ধনখড়ক । সোমবাৰে তেওঁ মনোনয়নপত্র দাখিল কৰে ।

ভাৰতীয় ৰাজনীতিত কংগ্রেছ নেত্রী হিচাপে পৰিচিত মার্গাৰেট । ১৯৭৪ত প্রথমবাৰ কংগ্রেছৰ তৰফৰ পৰা ৰাজ্যসভাৰ সাংসদ হয় তেওঁ । তাৰ পাছত ১৯৮০, ১৯৮৬ আৰু ১৯৯২তো কংগ্রেছৰ হৈ ৰাজ্যসভাৰ সাংসদ নির্বাচিত হয় । ৰাজ্যসভাৰ সাংসদ থাকাকালীন কেতিয়াবা সংসদীয় মন্ত্রী হিচাপে, কেতিয়াবা যুৱকল্যাণ মন্ত্রণালয়, কেতিয়াবা মানৱসম্পদ উন্নয়ন মন্ত্রীৰ দায়িত্ব গ্ৰহণ কৰিছিল ।

১৯৯৯ত প্রথমবাৰ কংগ্রেছৰ টিকিটত কর্ণাটকৰ উত্তৰ কন্নড়ৰ পৰা ভোটত প্ৰতিদ্বন্দ্বিতা কৰি লোকসভাৰ সাংসদ হয় । কিন্তু ২০০৪ত সেই কেন্দ্রতেই পৰাজিত হয় । তাৰ পাছত এআইচিচি-ৰ সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্রহণ কৰে ।

Exit mobile version